শপত গ্ৰহণ: ৬০০০ অতিথিক আদৰিবলৈ সজাই পৰাই তোলা হৈছে ৰাষ্ট্ৰপতি ভৱন

ras

নিউজ ডেস্ক :

দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত বৃহৎ জয়ৰ পাছত আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। মোডীৰ লগতে এনডিএৰ কেবিনেট মন্ত্ৰীসকলেও আজি শপতগ্ৰহণ কৰিব।সন্ধিয়া ৭বজাত ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হৈছে এই শপতগ্ৰহণ অনুষ্ঠানৰ।ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাঙ্গন সম্পূৰ্ণ সজাই- পৰাই তোলা হৈছে। উল্লেখ্য যে আজি এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ৬০০০হাজাৰ অতিথি উপস্থিত থাকিব। তাৰ ভিতৰত সাত গৰাকী বিদেশী ৰাষ্ট্ৰ প্ৰধানৰ লগতে এশ গৰাকী প্ৰৱাসী ভাৰতীয়ও আজিৰ অনুষ্ঠানত উপস্থিত থাকিব। modi

ইফালে দ্বিতীয়তো কাৰ্যকালৰ শপত গ্ৰহণৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে  আজি পুৱাই দর্শন কৰে জাতিৰ পিতা মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ স্মিতি স্থলী।দিল্লীৰ ৰাজঘাটত পুৱাই গৈ মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায় মোদীয়ে ।তাৰ পাছতেই তেওঁ উপস্থিত হয় অটল স্মিতি স্থলীত।

ইয়াৰ উপৰিও মোডীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই সকলো কেইটা কাৰ্য্যসূচীতে মোডীৰ সৈতে  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহো উপস্থিত থাকে ।

Your Comments