গুৱাহাটী প্ৰেছ ক্লাবত যুৱ সাংবাদিক মঞ্চৰ 'মন ব'হাগী'

press club

নিউজ ডেস্ক :

ৰঙালী বিহুৰ প্ৰাকক্ষণত যুৱ সাংবাদিক মঞ্চ,অসমে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ  বাকৰিত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰে 'মন ব'হাগী' শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ। 


মঞ্চই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বিশেষ অনুষ্ঠানৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণু ৰাম মুনিচাই। পতাকা উত্তোলন কৰি নুনিচাই মঞ্চৰ এই পদক্ষেপৰ শলাগ লয়।লগতে কয় যে এনেধৰণৰ অনুষ্ঠানে সমাজত ভাতৃত্ববোধৰ সৃষ্টি কৰে।press club

ইয়াৰ পিছতে ৰঙালী বিহুৰ বিভিন্ন পৰম্পৰাগত খেল-ধেমালি, বিহু নৃত্য, বিহু হুঁচৰি পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। 'মেজাংকৰি মেঘমল্লাৰ' বিহু হুঁচৰি দলে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। 

ইফালে 'মন ব'হাগী' অনুষ্ঠানত ৰচী টনা আৰু টেকেলি ভঙা আদি বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয়।ৰচী টনা খেলসমূহ পুৰুষ-মহিলা দুটা শাখাত অনুষ্ঠিত কৰা হয়।খেলসমূহ পৰিচালনা কৰে বিশিষ্ট সাংবাদিক বিপুল শৰ্মাই। অনুষ্ঠানৰ শেষত বিজয়ী দলসমূহক 'ভোগালী জলপান'ৰ তৰফৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হয়।

Your Comments