অসমৰ পাঁচটা সমষ্টিত ৬৭.৪ শতাংশ ভোটদান

নিউজ ডেস্ক :

শান্তিপূৰ্ণভাৱে সামৰণি পৰিল দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।অসমৰ পাঁচটা সমষ্টিত বিয়লি পাঁচ বজালৈকে ৬৭.৪ শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। সেই অনুসৰি ডিব্ৰুগড়ত ৬৯শতাংশ,যোৰহাটত ৭২শতাংশ, কলিয়াবৰত ৬৪শতাংশ, লখিমপুৰত ৬২শতাংশ আৰু তেজপুৰত ৭০শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে।

Your Comments