কাইলৈৰ পৰা অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমীৰ আয়োজন

aslkanta

নিউজ ডেস্ক :

কাইলৈ পৱিত্ৰ অশোকাষ্টমী।প্ৰতি বছৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত দুদিনীয়াকৈ অশোকাষ্টমীৰ পূজা-অৰ্চনাৰ আয়োজন কৰা হৈছে।১২ এপ্ৰিলৰ দিনৰ ১০ বাজি ৩২ মিনিটৰ পৰা ১৩ এপ্ৰিলৰ পুৱা ৮ বাজি ২৯ মিনিটলৈ দেৱালয়খনত অশোকাষ্টমী পালন কৰা হ'ব। অশোকাষ্টমী উপলক্ষে অশ্বক্লান্ত দেৱালয়ৰ দুই মন্দিৰ অনন্তশায়ী বিষ্ণু মন্দিৰ আৰু কূৰ্ম জনাৰ্দন মন্দিৰত যথেষ্টসংখ্যক ভক্তৰ সমাগম হ'ব ।উল্লেখ্য যে অশোকাষ্টমীৰ দিনটোত আঠটাকৈ অশোক ফুলৰ কলি খোৱাৰ পৰম্পৰা বিদ্যমান।এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগা স্নানৰ পুণ্য লাভ কৰা যায় বুলি লোকবিশ্বাস আছে।সেইবাবে কাইলৈ লুইতত স্নান কৰিব বহু লোকে।পৰিয়ালৰ মৃতকৰ পিণ্ড দিবলৈও যথেষ্টসংখ্যক লোকৰ আগমণ ঘটিব।কাইলৈ অশ্বক্লান্ত দেৱালয়ৰ সমীপৰ লুইতৰ পাৰত বিষ্ণুপদ ক্ষেত্ৰত আৰু ইয়াৰ আশে-পাশে মৃতক আত্মীয়-স্বজনৰ তৰ্পণ কৰাৰ কাৰ্য সমাধা কৰিব।পাণবজাৰৰ সমীপৰ লুইতৰ পাৰত মৃতকৰ পিণ্ডদান সম্পন্ন কৰা হ'ব।অশোকাষ্টমী উপলক্ষে অশ্বক্লান্ত দেৱালয় প্ৰাংগণত বৃহৎ পৰিসৰত মেলাৰ আয়োজন কৰা হ'ব।পাণবজাৰৰ গুৱাহাটী-উত্তৰ গুৱাহাটী পাৰঘাটৰ সমীপতো অশোকাষ্টমী মেলা আয়োজিত হ'ব ।

Your Comments