বৰভাগ মহাবিদ্যালয়ত বতৰ,জলবায়ু আৰু জীৱন সম্পৰ্কীয় সজাগতা সভা সম্পন্ন

barvag

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন,১১এপ্ৰিলঃ

বৰ্তমান সময়ত বতৰ আৰু জলবায়ু পৰিবৰ্তনে বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।উক্ত সমস্যা সম্পৰ্কত আৰণ্যক,গুৱাহাটী আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,নলবাৰীৰ যুটীয়া উদ্যোগত আৰু অসম চৰকাৰৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা পৰিষদৰ সহযোগত নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ত সমাজৰ নেতৃস্থানীয় ব্যক্তি পঞ্চায়ত কৰ্মী আৰু ইক' ক্লাৱৰ সদস্য আৰু মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক লৈ এখন সজাগতা সভা সম্পন্ন হৈ যায়।উক্ত অনুষ্ঠানটো আনুষ্ঠানিক ভাবে মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ফণিন্দ্ৰ নাথ ডেকা দেৱে।সভাত আৰণ্যকৰ পৰিবেশ শিক্ষা আৰু সক্ষমতা বৃদ্ধি বিভাগৰ জয়ন্ত কুমাৰ পাঠকে বৰ্তমান কৃষি আৰু সমাজলৈ কঢ়িয়াই অনা বিভিন্ন ভাবুকি সমুহৰ প্ৰতি বিতংকৈ ৰাইজৰ আগত দাঙি ধৰে।অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ তানভী হুছেইনে কয় যে আমি কৃষিত অত্যাধীক পৰিমানে কীটনাশক ঔষধ ছটিওৱাৰ ফলত মানব সমাজলৈ ভাবুকি কঢ়িয়াই আনিছে আৰু পৃথিৱীৰ জীৱকূল সংকটৰ গৰাহত পৰিছে।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ,নলবাৰীৰ দ্বীপমণি তালুকদাৰেও
দুৰ্যোগৰ সময়ত লব লগা সচেতনতা সম্পৰ্কে আলোচনা কৰে।সভাৰ শেষত বৰালী বিলক পুনৰউদ্ধাৰ কৰি মাছমৰীয়া সকলক জীৱিকাৰ পথ দিয়াৰ সংকল্প লয়।

Your Comments