শিৱসাগৰৰ ছটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিলে মহিলাই।

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :

শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত শিৱসাগৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ ছটা ভেটগ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালনা কৰিলে। প্ৰথমবাৰৰ বাবে অসমত মহিলাই ভোটগ্রহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালনা কৰে। 

১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ আউনিআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইষ্ট) আৰু আউনিআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় (ৱেষ্ট),  ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়(দক্ষিণ ) আৰু ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূব) আৰু ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ  অ'এনজিচি এল পি স্কুল (উত্তৰ) আৰু অ'এনজিচি এল পি স্কুল (দক্ষিণ) এই ছটা কেন্দ্ৰ সম্পূৰ্ণ ৰূপে মহিলাই পৰিচালনা কৰে। প্ৰিজাইডিং, পোলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষী আৰু মহিলা কৰ্মচাৰী নিয়োগ কৰা হৈছিল।

ইয়াৰোপৰি শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিওটা বিধানসভা সমষ্টিৰ মুঠ ৪০ টা ভোটগ্ৰহণ কেন্দ্ৰত অনলাইনভাৱে ভোটাৰৰ গতিবিধি নিৰীক্ষণৰ বাবে চিচিটিভিৰ ব্যৱস্থা কৰা হৈছিল আৰু শিৱসাগৰ আৱৰ্ত ভৱনৰ পৰা কেন্দ্ৰ কেইটাৰ ভোটাৰৰ গতিবিধি চিচিটিভিৰ জৰিয়তে চাই থকা হৈছিল।

Your Comments