৩০০০ ফুট উচ্চতাত এটা ভোটগ্ৰহণ কেন্দ্ৰ...

fort

গণতন্ত্ৰৰ মহাপৰ্বত আজি দেশৰ ৯১টা লোকসভা সমষ্টিত ভোটগ্ৰহণ হৈছে।পশ্চিমবংগৰ অলিপুৰদুৱাৰ লোকসভা সমষ্টিতো আজি ভোটগ্ৰহণ হৈছে।এই সময়তে সমষ্টিটোৰ বক্সা দূর্গ ভোটগ্ৰহণ কেন্দ্ৰ বিশেষ হিচাপে চিহ্নিত হৈছে।

 

ইতিহাসপ্রসিদ্ধ ৰেচম পথৰ কিছু বিশেষ এলেকাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এসময়ত ভূটানৰ ৰজাই এই দূর্গটোৰ নিৰ্মাণ কৰিছিল।৩০০০ ফুট উচ্চতাত থকা দূর্গটোত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।বৰ্তমান বক্সা বাঘ সংৰক্ষণ বনাঞ্চলত এই কেন্দ্ৰটো।দুৰ্গম এলেকাটোলৈ ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীসকলে পাহাৰত খোজকাঢ়ি যথেষ্ট কষ্টৰে পদাৰ্পণ কৰে।

Your Comments