বিপিএফ আজি এক ডুবন্ত নাওঁ:ইউ জি ব্ৰহ্ম

ug

কুমাৰিকাটাৰ পৰা ধীৰজ উপাধ্যায়

৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত  ইউ পি পি দলে তীব্ৰতৰ কৰি তুলিছে দলটোৰ প্ৰচাৰ অভিযান।  মঙ্গলবাৰে দিনৰ ১২ বজাত বাক্সা জিলাৰ দৰঙাজুলী ব্লক সমষ্টিত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ ইউ পি পি এল দলৰ সভাপতি তথা প্ৰাৰ্থী ইউ জি ব্ৰহ্ম উপস্থিত হৈ তেওঁ ৰাইজক উদ্দেশ্যি কয় যে ৰাইযে এইবাৰ আকৌ পৰিৱৰ্তন বিছাৰিছে আৰু ইয়াৰ লগে লগে ৰাইজে বড়ো অবড়ো ৰাজনীতিৰো অৱসান বিছাৰিছে । ug2

তেওঁ বিটিচিৰ শাসনাধিষ্ঠিত বি পি এফ দলকো সমালোচনা কৰি কয় যে যোৱা ২০১৪ চনতেই বিপিএফৰ প্ৰতিষ্ঠান বিৰোধী ঢৌক ৰাইজে প্ৰত্যখ্যন কৰিছে । হাগ্ৰামাই বড়ো ৰাইজক এলাগী কৰিছে আৰু বি পি এফৰ শাসন কালত ইয়াত বসবাস কৰা ৰাইজৰ আশা আকাংক্ষা আৰু সপোন কেতিয়াও পূৰণ নহয় বুলি তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইয়।

বিপিএফক এক আজি ডুবন্ত নাওঁ  বুলিও কটাক্ষ কৰে। প্ৰাক্তন সাংসদ ব্ৰহ্মৰ মতে  এতিয়া ৰাইজৰ বিপিএফৰ প্ৰতি মোহভংগ হৈছে ইয়াৰ সমান্তৰাল ভাৱে এক উদ্ভাসিত শক্তি হিচাপে ইউ পি পি এলক ৰাইজে আদৰি লৈছে। এইবাৰ ইউ পি পি এলৰ লগত কোনো দলৰে প্ৰতিদ্বন্দিতা নহয় বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।

Your Comments