ন্যায়ালয়ত উন্মোচিত সোণোৱাল চৰকাৰৰ স্বৰূপ : ৪৪ হেজাৰ চিনাক্ত বিদেশীৰ ভিতৰত বহিস্কাৰ কৰিলে মাথো ৪ জনক

bidexi

নিউজ ডেস্ক,৯মাৰ্চ :

জাতি-মাটি-ভেটি ৰক্ষাৰ কৰা চৰকাৰৰ বিদেশী বিতাড়ণৰ ক্ষেত্ৰত যে কোনো গুৰুত্ব নাই, সেই কথা অৱশেষত দেশৰ উচ্চতম ন্যায়ালয়ৰ আগত শপতনামযোগে  অৱগত কৰিলে ৰাজ্য মুখ্যসচিবে। মুখ্যসচিবে ন্যায়ালয়ক দিয়া তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ৰাজ্যত মুঠ ৪৪ হাজাৰ অবৈধ বিদেশী চিনাক্ত হৈছে। কিন্তু সেই চিনাক্ত হোৱা ৪৪ হাজাৰ অবৈধ বিদেশীৰ মাত্ৰ ৪ জনহে আজি পৰ্যন্ত বিতাড়ণ কৰিছে জাতি-মাটি- ভেটি ৰক্ষা কৰা সোণোৱাল চৰকাৰখনে।এই কথা অকপতে স্বীকাৰ কৰে ৰাজ্য মুখ্যসচিবে।

আনহাতে,মুখ্যসচিবগৰাকীয়ে উচ্চতম ন্যায়ালয়ক দিয়া তথ্য অনুসৰি চিনাক্ত হোৱা ৪৪ হাজাৰ অবৈধ বিদেশী বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰুদ্দেশ হৈ আছে।লগতে তেওঁ শপতনামাত উল্লেখ কৰিছে যে অবৈধ বিদেশী বিতাড়ণৰ ক্ষেত্ৰত বৰ্তমানৰ অসম চৰকাৰ ভূমিকা অসন্তুোষজনক বুলিও।

ইফালে ন্যায়ালয়ে মুখ্যসচিবগৰাকীক প্ৰশ্ন কৰে যে চিহ্নিত বিদেশীসকল ক'লৈ গল?তেওঁলোকক বিচাৰিবলৈ  ৰাজ্য চৰকাৰে কি ভূমিকা গ্ৰহণ কৰিছে? সেই সন্দৰ্ভত কোনো উত্তৰ দিব নোৱাৰিলে মুখ্যসচিবগৰাকীয়ে।

Your Comments