বেলতলা শাখা কবি সন্মিলনৰ 'কবিমেল' সম্পন্ন 

kabi

নিউজ ডেস্ক :

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বেলতলা শাখা কবি সন্মিলনৰ সৌজন্যত যোৱা ৭ এপ্ৰিলত গুৱাহাটীৰ লুটুমাস্থিত 'হেল্পিং হেণ্ড অ'ল্ড এজ্ হোম' প্ৰাংগণত এখন কবিমেল অনুষ্ঠিত হয়৷উক্ত কবিমেলত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা,বিশিষ্ট   কবি আনিছ উজ জামান, সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট অনুবাদ সাহিত্যিক, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা  বিপুল দেউৰীকে  ধৰি নবীন-প্ৰবীন বহুকেইজন কবি উপস্থিত থাকে ৷ kabi

বেলতলা শাখা কবি সন্মিলনৰ সম্পাদক  মনালিছা শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ  পিছত সভা পৰিচালনাৰ দায়িত্ব লয়  উক্ত শাখাৰ সহঃসম্পাদক ধৰিত্ৰী গোস্বামীয়ে । শাখাৰ বিষয়ববীয়া, সুগায়িকা পূৰ্বালী শৰ্মা বৰদলৈৰ কণ্ঠৰ এটি কামৰূপী লোকগীতেৰে আৰম্ভণি হোৱা সভাখন উদ্ধোধন কৰে কবি আনিছ উজ জামানে। জামানে  জাপানী হাইকু কবিতা সন্দৰ্ভত এটি সুগভীৰ আলোচনা আগবঢ়াই।লগতে পাঠ কৰে  স্বৰচিত কেইটামান  কবিতা । 

সমূহ কবিসকলৰ কবিতাৰ পৰ্যালোচনা আগবঢ়োৱাৰ উপৰিও ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কবিতাৰ ধাৰা আৰু মান সম্পৰ্কে,নৱপ্ৰজন্মৰ কবিসকলে উক্ত পৰ্য্যায়লৈ নিজৰ লিখনি উন্নীত কৰিবলৈ কেনেধৰণৰ চৰ্চা কৰিব লাগে  আৰু কেনেধৰণৰ কিতাপ পঢ়া উচিত-সেই বিষয়ে  পৰামৰ্শমূলক বক্তৃতা প্ৰদান কৰে সাহিত্যিক বিপুল দেউৰীয়ে । 

সভাত নামৰূপৰ পৰা অহা কবি অনিতা গগৈৰ 'কস্তুৰী প্ৰকাশন'ৰ দ্বাৰা প্ৰকাশিত দুখন কিতাপ  'মিতভাষ - থোৱাৰ মাজেৰে আহি' আৰু কবিতাপুথি 'সাগৰৰ দৰে যদি হয় জীৱন'উন্মোচন কৰে ৷ 

বেলতলা কবি সন্মিলনৰ সভাপতি ধনজিৎ তালুকদাৰে সঞ্চালনা কৰা কবিমেলখনত কবিতা পাঠ কৰে  কবি জোনমণি দাস, মানসজ্যোতি, দ্বীপৰাজ, মন্দিৰা গগৈ,কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সাধাৰণ সম্পাদক জোনালী মজুমদাৰ, বেলতলা শাখা কবি সন্মিলনৰ উপ- সভাপতি ড:দীপালী দাস, মনালিছা শৰ্মা, ধৰিত্ৰী গোস্বামী,  খনীন মেধি , বনশ্ৰী বৰা , মনালিছা বৰুৱা  , মিতালী পি কুৰ্মী , অনিতা গগৈ আদিকে ধৰি নবীন- প্ৰবীন কবিসকলে । kabi4

তদুপৰি,সভা অনুষ্ঠিত হোৱা বৃদ্ধাশ্ৰমখনৰ এগৰাকী আবাসীয়েও স্বৰচিত কবিতা পাঠেৰে সভাৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে।  সভাত বৃদ্ধাশ্ৰমখনৰ আবাসী ইলা আইতাৰ ঘোষা পৰিৱেশনে অন্য এক সোৱাদেৰে উপস্থিত সদৌটিকে সন্তুষ্টি প্ৰদান কৰে ৷ সভাত বেলতলা শাখাৰ উপ সভাপতি ময়ুৰী দত্তই কবি নৱকান্ত বৰুৱাৰ 'এটি প্ৰেমৰ কবিতা' শীৰ্ষক কবিতাটো আবৃত্তি কৰে ,আন এগৰাকী সদস্যা কবি পূৰ্বালী শৰ্মা বৰদলৈয়ে কবি মনালিছা শৰ্মাৰ কবিতা “সাধু কথাৰ কথা ” আবৃত্তি কৰি সভাখনক এক অগতানুগতিকতা প্ৰদান কৰে ৷ সভাৰ শেষলৈ কবি দ্বীপৰাজে এটি বঙালী গীত পৰিবেশন কৰি তেওঁৰ এক অন্য প্ৰতিভা ব্যক্ত কৰে ৷

Your Comments