বৰাকৰ পাঁচগ্রামত ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত আহত হ'ল কোন ?

bara

শিলচৰৰ পৰা বিক্ৰম দাস


প্ৰতিকূল বতৰৰ বিধিপথালিৰ বাবে আকাশমাৰ্গ এৰি স্থলপথেৰে আহি পাঁচগ্রামৰ জনসভাত অংশগ্ৰহণ কৰিলে কংগ্রেছৰ সর্বভাৰতীয় সভাপতি ৰাহুল গান্ধীয়ে । সভা চলি থকাৰ সময়তে অহা বৰষুণজাকে সাধাৰণ জনতাক জ্বলা-কলা খুৱালে । বহি থকা চকীখনকে মূৰত তুলি ল’লে জনসভাৰ উপস্থিত জনতাই ।barak2

বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে ধাপলি মেলে প্ৰেছ গেলাৰীলৈ । সেই সময়তে এক অঘটন ঘটে । প্রেছ গেলাৰী ভাঙি আহত হয় কেইবাজনো সাংবাদিক । লগতে ভাঙে কেমেৰাও ।

পৰিস্থিতি বেয়ালৈ ঢাল খোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মঞ্চৰ পৰা নামি আহে প্রাক্তন মন্ত্রী গৌতম ৰায়, ছিদ্দেক আহমদ, প্রাক্তন বিধা়য়িকা ৰুমী নাথ, বিধায়ক কমলাক্ষ পুৰকায়স্থ । কিন্তু সভাৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ জনতাৰ ক্ষোভৰ বলি হয় গৌতম ৰয়কে ধৰি অন্যান্য কংগ্ৰেছী নেতা-কৰ্মীসকল ।

Your Comments