কঠিয়াতলীত মানৱতা ভূলুন্ঠিত:দুৰ্বৃত্তৰ যৌন নিৰ্যাতনৰ বলি মানসিক  বিকাৰগ্ৰস্ত মহিলা 

kathiyatali

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা


পুনৰ মানৱ সমাজক লজ্জাৱনত কৰা এটা ঘটনা পোহৰলৈ আহিছে নগাঁও জিলাৰ কঠীয়াতলীত।ৰাজপথত অনাই-বনাই ঘূৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ  সতীত্বত  হাত দিলে কোনোবা নৰপিশাচে ।অন্তসত্বা 
মহিলাগৰাকীক সোমবাৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনীতা মৰাঙৰ  প্ৰচেষ্টাত আজি  কঠিয়াতলী চাৰিআলিৰ পৰা   উদ্ধাৰ কৰে।kathiya


 জানিব পৰা মতে,এবছৰৰ আগতে স্বামীক হেৰুওৱা ২৮ বছৰীয়া মহিলাগৰাকী কঠিয়াতলীৰ গৰাবাৰী গাঁৱৰ গিৰ্জা লাইনৰ ।আজি বহু মাহ ধৰি তেওঁ নিজ ঘৰৰ পৰা গুচি আহি এনেদৰে পথত আশ্ৰয় লয়হি | কঠিয়াতলী অঞ্চলৰ একাংশ সমাজ সচেতন লোকে মহিলাগৰাকীৰ বিষয়ে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনীতা মৰাঙক অৱগত কৰে। 

 তেওঁ ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এটি সঁজাতি দল গঠন কৰি সোমবাৰে কঠিয়াতলী পহৰা আৰক্ষী চকীৰ সহযোগত মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় |উদ্ধাৰ কৰি পোনপ্ৰথমে মহিলাগৰাকীক আদালতত হাজিৰ কৰাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ অন্তত মহিলাগৰাকীক মানসিক ৰোগ নিৰাময় কক্ষত ৰখাৰ ব্যৱস্থা কৰে |


মহিলাগৰাকীক নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ লগতে অনান্য যাৱতীয় কাম-কাজসমূহ দায়িত্ব লোৱাৰ কথা জানিব দিয়ে ।কঠিয়াতলী অঞ্চলৰ সচেতন ৰাইজে প্ৰাধিকাৰীৰ কামকাজক শলাগ লৈছে আৰু আদৰনি জনাইছে ।

Your Comments