লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ আহ্বান কটনিয়ানৰ

cotton

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ ৰাজ্যৰ জাতিপ্ৰেমী সচেতন মহল জাগি উঠিছে।লগতে জাগি উঠিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাও।


কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-একটা সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খোজা বিজেপিক লোকসভাৰ নিৰ্বাচনত জনসাধাৰণক ভোট নিদিবলৈ মুকলি আহ্বান জনাইছে।লগতে,সমগ্ৰ অসমৰ ছাত্ৰ সমাজকো বিজেপিক প্ৰতিহত কৰিবলৈ  বিশ্ববিদ্যালয়খনৰ ছাত্ৰ   একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই আহ্বান জনাইছে।

Your Comments