আজি সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ । বন্ধ ঘোষণা সুৰা বিপনী,অফিচ-কাছাৰী

vote

নিউজ ডেস্ক,৯মাৰ্চ :
লোকসভাৰ নিৰ্বাচনক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্য ৰাজনীতিতো ব্যাপক তৎপৰতা চলি থকাৰ মাজতে আজি আনুষ্ঠানিক ভাৱে সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ১৪টা লোকসভাৰ সমষ্টিৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হব নিৰ্বাচন। সেই অনুসৰি ডিব্ৰুগড়, যোৰহাট,লখিমপুৰ, কলিয়াবৰ আৰু তেজপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হব নিৰ্বাচন।

ইফালে আজি সামৰণি পৰিব লগা প্ৰথম পয্যায়ৰ লোকসভাৰ সমষ্টি সমূহক লৈ ৰাজনৈতিক দলসমূহৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা।আজি কংগ্ৰেছৰ কলিয়াবৰৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ কাজিৰঙাত প্ৰচাৰ চলাব অভিনেত্ৰী নাগমাই।আনহাতে তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। একেদৰে তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানু হৈ প্ৰচাৰ চলাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।তেওঁ বালিপৰা পৰা ঘোঁৰামৰালৈ এক বাইক ৰেলিতো অংশগ্ৰহণ কৰিব। আনহাতে আজি প্ৰচাৰৰ অন্তিমটো দিনত ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাট সমষ্টিতো প্ৰাৰ্থী সকলে প্ৰচাৰ চলোৱা বাবে পুৱাৰ পৰাই গ্ৰহণ কৰিছে যুদ্ধংদেহী তৎপৰতা।

উল্লেখ্য যে অহা ১১ এপ্ৰিলত অনুষ্ঠিত হব লগা এই প্ৰথম পয্যায়ৰ নিৰ্বাচনক লৈ ৰাজ্য প্ৰশাসনৰ ফালৰ পৰাও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ভোট গ্ৰহণ অনুষ্ঠিত হব লগা সমষ্টিসমূহত ইতিমধ্যে মোতায়ন কৰা হৈছে সামৰিক আৰু অৰ্ধসামৰিক বাহিনী জোৱান। 

আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে আজি সন্ধিয়া পাঁচ বজাৰ পৰা নিৰ্বাচন অনুষ্ঠিত হব লগা পাঁচ সমষ্টিত ঘোষণা কৰা হৈছে ড্ৰাই দে। অহা ১১ এপ্ৰিলৰ ভোটদানৰ শেষলৈকে থাকিব এই ড্ৰাই দে। অৰ্থাৎ আজিৰ পৰা ডিব্ৰুগড়, যোৰহাট,লখিমপুৰ, কলিয়াবৰ আৰু তেজপুৰত বন্ধ থাকিব সকলো সুৰাৰ বিপনী। যাতে ভোটদানৰ সময়ত সমষ্টিসমূহত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা।ইফালে এই ড্ৰাই দে সময়ছোৱাত যদি কোনোৱে আইন ভংগ কৰে তেনে লোকৰ বিৰুদ্ধে কঠো শাস্তি প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে প্ৰশাসনে।

আনহাতে নিৰ্বাচন অনুষ্ঠিত হব লগা জিলা কেইখনত ১১এপ্ৰিলৰ দিনা এন আই এক্টৰ অধীনত ঘোষণা কৰাৰ হৈছে স্থানীয় বন্ধ।উক্ত দিনটোত চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়,বেংক, ব্যৱসায় -বাণিজ্যি সকলো বন্ধ থাকিব। যাতে উক্ত দিনটোত ভোটদানৰ পৰা কোনো নাগৰিক বঞ্চিত নহয় তাৰ বাবে ঘোষণা হৈছে এই বন্ধ।

Your Comments