শিৱসাগৰত প্ৰথমবাৰৰ বাবে ৬ টা ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ লক্ষ্মণন এছৰ সঞ্চালনত সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভা কক্ষত এখন সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেলত জিলা উপায়ুক্ত গৰাকীয়ে কয়,  শিৱসাগৰ, থাওৰা আৰু আমগুৰি বিধান সভা সমষ্টিত মুঠ ৫০৬ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। থাওৰাত ১৪৪ টা,  আমগুৰিত ১৬৬ টা আৰু শিৱসাগৰত ১৯৬ টা। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোজনকৈ প্ৰিজাইডিং অফিচাৰ আৰু তিনি জনকৈ প'লিং অফিচাৰ নিযোগ কৰা হৈছে। সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটোত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে সৰ্বমুঠ ৫ হাজাৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে। অহা ১১ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হব। বিদ্যুৎৰ সমস্যা থকা মুঠ ১৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰত অস্থায়ী ভাৱে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰাৰ লগতে ৪০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনলাইনভাৱে ভোটাৰৰ গতিবিধি নিৰীক্ষণৰ বাবে চি চি টি ভিৰ ব্যৱস্থা কৰা হৈছে। ভোটদান প্ৰক্ৰিয়াৰ বাবে ৬০০ টা ইভি এম মেচিনৰ ব্যাৱস্থা কৰা লগতে জৰুৰীকালীন প্ৰয়োজন হোৱাকৈ ১২৬ টা ইভিএম মেচিন সাজু কৰি ৰখা হৈছে। নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী তথা ইভিএম মেচিন অনা নিয়া কৰিবৰ বাবে ৫০০ খন সৰু-বৰ বাহনৰ ব্যৱস্থা কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে সংবাদ মেলত শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মই কয় যে,  এইবাৰ প্ৰথমবাৰৰ বাবে ৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণ ৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। থাওৰা সমষ্টিৰ ৭০ আৰু ৭১ নং ভোটগ্ৰহণ কেন্দ্ৰ, শিৱসাগৰ সমষ্টিৰ ৩৮ আৰু ৩৯ নং ভোট গ্ৰহণ কেন্দ্ৰ আৰু আমগুৰি সমষ্টিৰ ৯৯ নং আৰু ১০০ নং সমষ্টি কেইটা মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। 

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয়, শিৱসাগৰ আৰক্ষী জিলাৰ অন্তৰ্গত ৬৭৮ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াৰ ভিতৰত ৮৪ টা কেন্দ্ৰ স্পৰ্শকাতৰ।প্ৰতিটো ভোটদান কেন্দ্ৰত এজন কনিষ্টবল আৰু এগৰাকী গৃহৰক্ষী জোৱান নিয়োগ কৰা হৈছে। স্পৰ্শকাতৰ কেন্দ্ৰসমুহত আৰক্ষীৰ লগতে আৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হ'ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। 

ইফালে সংবাদ মেলত জিলাখনত স্বচ্চ নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সকলো পক্ষকে জিলা উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়৷ যি কোনো পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ যোগাযোগ কৰিবৰ বাবে টল ফ্ৰী ১৯৫০ আৰু ০৩৭৭২ ২২৩৩৯৭ অথবা ৮৪৭১৮৬৪৩৫৫ নম্বৰত যোগাযোগ কৰিবলৈ জিলা নিৰ্বাচনী বিষয়া তথা শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ লক্ষ্মণন এছে আহ্বান জনায়৷

Your Comments