সোণাৰীআটীত বিহু কৰ্মশালাৰ সামৰণি

majuli

ৰাজীৱ পাতিৰ, মাজুলী, ৭ এপ্ৰিল: জ্যোতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নৱজ্যোতি সত্ৰীয়া সংগীত বিদ্যালয় আৰু হেঙুল মাজুলী বিহু দলৰ সহযোগত যোৱা এপষেক ধৰি মাজুলী সোণাৰিআটীত চলি থকা বিহু কৰ্মশালাৰ আজি সফল সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী পৰমানন্দ নাথে ।

 ৰঙাচাহী টনুৰাম নাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অমুল্য কুমাৰ নাথে উদ্ধোধন কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পূৱ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপ বৰাই কয় অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ পৰম্পৰাগত স্বকীয় মাদকতাৰে অসমীয়া সমাজৰ অস্তিত্ব অক্ষুন্ন ৰাখিব লাগিব ।majuli2

এইক্ষেত্ৰত নৱপ্ৰজন্মই শুদ্ধ আৰু প্ৰকৃত জ্ঞান আহৰণত সহায়ক হয় তাৰ প্ৰতি সচেতনতা সৃষ্টি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা বুলি ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে । আন এগৰাকী বিশিষ্ট অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল বৰুৱা উপস্থিত থাকে । উল্লেখ্য যে এই পষেকজোৰা কৰ্মশালাত ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে সত্ৰীয়া সংগীত বিদ্যালয়ৰ মহানন্দ নাথ,হেঙুল মাজুলীৰ মুক্তিমোহন নাথ আৰু বিহুৱতী প্ৰশিক্ষণৰ বাবে  বিহুৱতী সুনন্দিতা নাথে অংশগ্ৰহণ কৰে ৷

জ্যোতি সাংস্কৃতিক গোষ্ঠীৰ কাৰ্তিক নাথ,তৰুন কুমাৰ নাথ, ব্ৰজগোপাল নাথ, অনন্ত ভূঞাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কৰ্মশালাত অঞ্চলৰ বিভিন্ন গাঁৱৰ শতাধিক শিশু যুৱক-যুৱতীৱে অংশগ্ৰহণ কৰে ৷

Your Comments