ভাওনা প্ৰদৰ্শনৰ বাবে বাংগালুৰুলৈ আমন্ত্ৰণ যোৰহাট টিয়কৰ শিল্পী দল

teok

টিয়কৰ পৰা দিপজ্যোতি শইকীয়াৰ প্ৰতিবেদন : অসমৰ কৃষ্টি -সংস্কৃতি ৰাষ্ট্ৰীয় দৰবাৰত প্ৰতিষ্ঠা ৰ বাবে টীয়কৰ পৰা বাংগালুৰুলৈ যাত্ৰা কৰিছে এটা ভাওনা দল। যোৰহাট জিলাৰ টীয়কত জন্ম লোৱা টীয়ক প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ‌ই মহাপুৰুষ জনাৰ অসমীয়া সাংস্কৃতিক জগতলৈ আগবঢ়োৱা এক অনবদ্য সৃষ্টি ভাওনাৰ ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি অসমৰ বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শন কৰি মৰম বুলিবলৈ সক্ষম হৈছে।অসম ভিত্তিত আয়োজিত ভাওনা প্ৰতিযোগিতাত বহুবাৰ শ্ৰেষ্ঠতা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ভাওনা গোষ্ঠী টোৰ এই সফলতাৰ যাত্ৰাত গোষ্ঠী টোৰ ভাওনা পৰিচালক তথা সুদক্ষ অভিনেতা বিষ্ণু বৰাৰ উল্লেখযোগ্য ভূমিকা আছে।টীয়ক প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ‌ই অহা ৭ এপ্ৰিল তাৰিখে "ৰুক্মিণী হৰণ" বাংগালোৰত প্ৰদশন কৰিব। ভাওনা দলটোৰ মুখ্য বায়ন হিচাপে যাব সঞ্জীৱ শ‌ইকীয়া, মুখ্য গায়ন হিচাপে যাব শ্ৰেষ্ঠ গায়ন প্ৰাপ্ত বঁটা নিতুমণি বড়া  আৰু সা সজ্জাত অসমৰ শ্ৰেষ্ঠ সা সজ্জা বঁটা প্ৰাপক    শ্ৰী কৃষ্ণ পোছাক ভাণ্ডাৰৰ দিপজ্যোতি বড়া আৰু যতীন বড়া।। লগতে এই ভাওনা দলটিৰ যাত্ৰা ত  আমাৰ তৰফৰ পৰাও জনাইছোঁ অলেখ শুভকামনা

Your Comments