ভোটাৰৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত অসমৰ ষ্টেট আইকন তৰালী শৰ্মা

tarali

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

সমাগত লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন৷ লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি নিৰ্বাচন আয়োগে ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ এই নিৰ্বাচনত যাতে কোনো ধৰনৰ ভোটাৰ বাদ পৰি নাযায়  তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে শিক্ষা অনুষ্ঠান সমুহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বাবে এক কাৰ্য্যসুচী হাতত লৈছে ৷tarali2 

এই সজাগতাৰ বাবে দেশৰ প্ৰতিখত ৰাজ্যত একো গৰাকী  ব্যক্তিক ষ্টেট আইকন হিচাপে নিয়োগ কৰিছে  ৷ অসমৰ বাবে ৰাষ্ট্ৰীয় খ্যাতি সম্পন গায়িকা তৰালী শৰ্মাক ষ্টেট আইকন হিচাপে নিয়োগ কৰিছে নিৰ্বাচন আয়োগে  ৷ 

 সেয়েহে গায়িকা তৰালি শৰ্মাই অসমৰ বিভিন্ন শিক্ষা অনুষ্ঠান সমুহৰ ছাত্ৰ -ছাত্ৰী মাজত কেনেধৰনে ভোটাৰ সজাগতা আনিব পাৰি সেই সন্দভত সজাগতা আৰাম্ভ কৰিছে ৷

গুৱাহাটী , যোৰহাটৰ পাছত আজি শিৱসাগৰত উপস্থিত হয় তৰালী শৰ্মা ৷ শিৱসাগৰ ছোৱালী মহাবিদ্যালয় পৰা আৰাম্ভ কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় , শিৱসাগৰ কলেজ, ডিমৌ মহাবিদ্যালয়কে ধৰি  বহুকেইখন শিক্ষা অনুষ্ঠানত  অংগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভোটদানৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে মন্তব্য প্ৰদান কৰে  তৰালী শৰ্মাই ৷

উল্লেখ্য যে তেওঁ শিক্ষানুষ্ঠানসমুহৰ ছাত্ৰ-ছাত্ৰী সকলক আমি কিয় ভোট দিব লাগে ? ভোট দিয়া কিয় প্ৰয়োজন ?   কেনেধৰনে ভোট দিব লাগে সেই বিষয়ে  মন্তব্য আগবঢ়ায় ৷ tarali3

ইয়াৰ উপৰিও ই ভি এম মেছিন কি ? আৰু নতুনকে ব্যৱহাৰ হব লগীয়া ভিভিপিএটি মেছিন কি? এই মেছিনে কি কাম কৰিব তাৰ  সেই বিষয়ে ভাষণ আগবঢ়াই ৷উল্লেখ্য যে ভিভিপিএটি মেছিন  এনেধৰনৰ এক মেছিন, যাৰ জৰিয়তে নিজৰ পচন্দৰ প্ৰাৰ্থী জনক ভোটদান কৰাৰ পাছত ভোটটো তেওঁৰ পক্ষত পৰিছে নাই তাক জানিবৰ বাবে ৭ ছেকেণ্ড সময় দিব এই মেছিনে ৷ 

Your Comments