ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা সময়ত আজি নিৰ্বাচনী আচৰণ বিধি নিৰীক্ষণ কৰা ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত এজন লোকৰ জিম্মাৰ পৰা ১ লাখ ৩০ হাজাৰ টকা জব্দ কৰা হয় ৷ আজি হোজাই জিলাৰ ইছলাম নগৰত আৰক্ষীৰ তালাচীৰ সময়ত নগাঁৱৰ সুকুমাৰ দেৱনাথৰ পুত্ৰ গণেশ দেৱনাথৰ পৰা এই ধনখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে জানিবলৈ দিয়া মতে নিৰ্বাচনী কামত নিয়োজিত এচ এচ টিৰ দলে এই ধনখিনি জব্দ কৰে৷যোৱা ৩ এপ্ৰিলতো ডবকাত হোজাইৰ এজন লোকৰ বাহনৰ পৰা আৰক্ষীয়ে ৬৬ লাখ টকা জব্দ কৰিছিল ৷
- Log in to post comments
- 6 views