মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁৱৰ নগাবন্ধাত যোৱা ৮ মাৰ্চৰ নিশা সংঘটিত ভয়ংকৰ ডকাইতি কাণ্ডত জড়িত ছয়টাকৈ ডকাইতক মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে সুসজ্জিত ডকাইতৰ দলটোৱে বন্দুক দেখুৱাই লুটি নিছিল নগদ ধন আৰু অলংকাৰ ৷ মৰিগাঁও আৰক্ষীৰ অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় মৰিগাঁৱৰ লাহৰীঘাট থানাৰ অন্তৰ্গত নগাবন্ধাৰ আব্দুল গনি নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ঘৰত সংঘটিত হৈছিল এই ডকাইতিৰ ঘটনা ৷
নিশা বন্দুক-বাৰুদেৰে সুসজ্জিত হৈ অহা ডকাইতৰ দলে নিশা গৃহস্থক এটা কোঠাত বন্দী কৰি লুটি নিছিল সোণৰ অলংকাৰ আৰু নগদ ধন ৷ ইপিনে ডকাইতি সংঘটিত কৰিয়েই দলটো হাতীবাটৰ দিশে পলাই যাওঁতেই হাতীবাটত গাঁওৰক্ষী বাহিনীৰ মুখামুখি হৈছিল।তেতিয়া গাঁওৰক্ষীৰ লোকক লক্ষ্য কৰি গুলী ফুটাই ডকাইতৰ দলটো পলাই গৈছিল ৷
অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই ছয়টাকৈ ডকাইত ক্ৰমে আনোৱাৰুল ইছলাম, জয়প্ৰকাশ দাস, মইনুল হক, ছফিকুল ইছলাম, জাকিৰ আলী আৰু কুদ্দুচ্চ আলীক আটক কৰি লাহৰীঘাট থানাত ৮৪/১৯ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ লগতে ঘটনাত জড়িত বাহনখনো আৰক্ষীয়ে জব্দ কৰা বুলি প্ৰকাশ কৰিছে।
- Log in to post comments
- 3 views