জুৰীয়াৰ পৰা উত্তম বৰা
কলিয়াবৰ লোকসভা সমষ্টিৰ নেচনেল পিপ’লচ পাৰ্টি (এনপিপি)ৰ মনোনীত প্ৰাৰ্থী আব্দুল আজিজে আজি চামগুৰিৰ গেৰুৱাআটি গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত কংগ্ৰেছৰ গুণ্ডা বাহিনী বুলি অভিযোগ উঠা এটা দলে অতৰ্কিতে আক্ৰমণ কৰি তিনিজন লোকক আহত কৰে।
লগতে তিনিখন গাড়ীৰ ক্ষতিসাধন কৰে। আক্ৰমণত আহত কেইজন হ'ল ছাদ্দাম হুছেইন ,আবু তাহেৰ আৰু ছোৰহাব আলী ৷ ছোৰহাব আলীক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হয় ৷
আক্ৰমণত কোনোমতে প্ৰাণৰক্ষা কৰি পলাই আহিবলৈ সক্ষম হয় আব্দুল আজিজৰ লগতে কৰ্মীসকলে ৷ৰূপহী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আব্দুল আজিজে। ৷
- Log in to post comments
- 22 views