নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ নতুন খেলুৱা কালী মন্দিৰ প্ৰাংগণত ৪ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে একাদশ বাৰ্ষিক শ্ৰীশ্ৰীকালী পূজা আৰু সভা মহোৎসৱ আয়োজনৰ প্ৰস্তুতি চলিছে । খৰ্গেশ্বৰ দাসক সভাপতি, অনিল বৰ্মনক কাৰ্যকৰী সভাপতি, লোহিত পাটোৱাৰী, অৰবিন্দ দাস, নিৰঞ্জন দাসক উপ-সভাপতি, হিতেশ বৰ্মনক মুখ্য সম্পাদক, দ্বীজেন্দ্ৰ বৰ্মন, উমেশ তালুকদাৰক যুটীয়া সম্পাদক, প্ৰমোদ পাটোৱাৰী, ৰঞ্জিত ৰাজবংশীক সহ: সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন কৰা হৈছে।কাৰ্যসূচী অনুসৰি ৪ এপ্ৰিলৰ পুৱা ভোগীৰাম দাসে বৃক্ষৰোপণ কৰিব।
আবেলি প্ৰতিমা পৰিভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব । সন্ধিয়া পূজাৰ মুখ্যদ্বাৰ মুকলি কৰা হ'ব। প্ৰতিমা স্থাপনৰ পিছত সন্ধিয়া ৭ বজাত পৰিবহণ, উদ্যোগ-বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বন্তি প্ৰজ্বলন কৰিব । পিছত একাদিক্ৰমে শিৱ পূজা, ওজাপালি পৰিৱেশন;মা কালী, ডাকিনী, যোগিনী, মহাকাল পূজা; মহাস্নান, আৰতি প্ৰদান, বলি প্ৰদান, হোমৰ পূৰ্ণাহুতি আদি কাৰ্যসূচী সম্পন্ন কৰা হ'ব । ৫ এপ্ৰিলৰ পুৱা ভাগৱত পাঠ, আবেলি নাগাৰা নাম পৰিৱেশন, সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ'ব।পিছত নিশা ১০ বজাত শুৱালকুছিৰ শংকৰজ্যোতি নাট্য পৰিষদৰ নাট উদ্বোধন কৰিব সৰ্থেবাৰী উ:মা: বিদ্যালয়ৰ বিষয় শিক্ষক গজেন বৰ্মনে ।
৬ এপ্ৰিলৰ পুৱা আয়তীৰ নাম প্ৰসংগ, আবেলি থিয় নাম পৰিৱেশন, সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত সন্ধিয়া ৭-৩০ বজাত ২৩ নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি অমৰজ্যোতি দাসে অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব । ৭ এপ্ৰিলৰ পুৱা ভাগৱত পাঠ, নাম প্ৰসংগ, দুপৰীয়া হোম, পুষ্পাঞ্জলিৰ পিছত সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই।৮ এপ্ৰিলত চাফাই কাম, ভাগৱত পাঠ, আয়তীৰ নাম, শ্ৰীশ্ৰী সত্য নাৰায়ণ পূজা আদি কাৰ্যসূচী সম্পন কৰা হ'ব ।
- Log in to post comments
- 10 views