মহিলা কংগ্রেছৰ সর্বভাৰতীয় সভানেত্রী তথা শিলচৰৰ সাংসদ সুস্মিতা দেৱে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। মঙলবাৰে উদাৰবন্দ বিধানসভা সমষ্টিৰ কুম্ভা বাগানৰ প্ৰেক্ষাগৃহত আয়োজিত নির্বাচনী জনসভাত বক্তব্য প্ৰদান কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে সুস্মিতা দেৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মঁজুৰি বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিও পূৰণ নকৰিলে বুলি তেওঁ কয়।
বিজেপি চৰকাৰৰ দিনত নিত্য প্রয়োজনীয় সা-সামগ্ৰীৰ মূল্য অত্যধিক বৃদ্ধি পোৱাৰ জন সাধাৰণ ৰ সমস্যা বৃদ্ধি পাইছে বুলি তেওঁ কয়। সভাত প্রাক্তন মন্ত্রী অজিত সিঙেও বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। সভাত সুজন দত্ত, দিব্যজ্যোতি বৰুৱা, প্রদীপ তাঁতি , আখতাৰ উদ্দিন চৌধুৰী,সিপন বৰভূঞা আদি নেতাসকল উপস্থিত থাকে।
শিলচৰৰ পৰা বিক্ৰম দাস
- Log in to post comments
- 6 views