শিৱসাগৰত ভোটদানৰ বাবে সজাগতা আনিব অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু মানস ৰবীনে

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

 

শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰক আগন্তুক লোকসভা নিৰ্বাচনত  ভোটদান কৰিবলৈ আকৃষ্ট কৰাৰ হকে অহা ৭ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা সমগ্র নিৰ্বাচনী জিলাখনতে 'ৱাক ফৰ ভোট (Walk for Vote)'শীৰ্ষক ভোটদান সজাগতা ৰেলী অনুষ্ঠিত কৰা হ'ব। 

 

শিৱসাগৰ নগৰৰ ব'ৰ্ডিং খেলপথাৰৰ লগতে জিলাখনৰ ৪ টা উন্নয়ন খণ্ড আৰু ৬২ খন গাঁও পঞ্চায়তত এই ৰেলী অনুষ্ঠিত কৰা হ'ব। শিৱসাগৰ নগৰত এই ৰেলীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব 'এছভিইইপি'ৰ  শিৱসাগৰ জিলা আইকন অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অন্যান্য সকলৰ সৈতে 'এছভিইইপি'ৰ জিলা দূত  মানস ৰবীনেও এই ৰেলীত অংশগ্ৰহণ কৰিব।  এই ৰেলীত জিলা প্ৰশাসনৰ সমূহ বিষয়-ববীয়া,কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা আৰু সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিব।  

 

এই ৰেলী সম্পৰ্কে সবিশেষ জনোৱাৰ উদ্দেশ্যেৰে সোমবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি নিৰ্বাচন বিষয়া জগদীশ ব্ৰহ্মই 'এছভিইইপি'ৰ  অধীনত সমাগত লোকসভা নিৰ্বাচনত নির্বাচনী জিলাখনৰ ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। 'এছভিইইপি'ৰ  অধীনত ইতিমধ্যে জিলাখনত ৪৫,৫৬৫ টা ম'কপ'ল অনুষ্ঠিত কৰি ৫৫,০০০ ভোটাৰ ৰাইজৰ মাজত ইভিএম  আৰু ভিভিপেটৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়।

 

সাধাৰণ সেৱা কেন্দ্ৰসমূহৰ 'আই-হেল্প' পদক্ষেপৰ মাধ্যমেৰে তৃণমূল পৰ্য্যায়ত  চি-ভিজিল, পিডব্লিউডি আদি এপৰ সেৱা আগবঢ়াই থকা হৈছে বুলিও ব্ৰহ্মই উল্লেখ কৰে। সভাত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত দিলীপ টেৰাঙে জিলাখনত স্বচ্ছ আৰু নিৰপেক্ষ ভোটদান সুনিশ্চিত কৰাৰ হ'কে সংশ্লিষ্ট সকলোৰে সহায়- সহযোগিতা কামনা কৰে।সভাত অৰ্জুন ভোগেশ্বৰ বৰুৱা, অধ্যাপক ডঃ প্ৰতীম শৰ্মা, প্ৰশাসনিক বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

Your Comments