চিত্ৰশিল্পৰ জড়িয়তে সুনাম অৰ্জন জামুগুৰিহাটৰ কাশ্যপী বৰুৱাৰ

k1

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ  প্ৰতিবেদন

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱৰ এগৰাকী প্ৰতিভাৱান উদ্যমী চিত্ৰশিল্পীয়ে সুকুমাৰ কলাৰ জৰিয়তে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।লক্ষ্মী প্ৰসাদ বৰুৱা আৰু সোণমাই হাজৰিকা বৰুৱাৰ কন্যা চিত্ৰশিল্পী কাশ্যপী বৰুৱাই নগাঁও জিলাৰ ৰহাত অনুষ্ঠিত কৰা 'বাটৰ কেনভাচ' অনুষ্ঠানত 'বিশেষ শিল্পী বঁটা' ২০১৭ বৰ্ষৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছিল।

f2

কাশ্যপী বৰুৱাই ৱাটাৰ কালাৰ,অইল পেইন্টিঙৰ লগতে থ্ৰিদি ড্ৰয়িং কৰি আহিছে।জামুগুৰিহাটৰ গৌৰৱ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ প্ৰদৰ্শনীৰ স্থলীত ৪০ খনকৈ জীৱন্ত চিত্ৰ প্ৰদৰ্শন কৰি তেওঁ  অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।ইয়াৰ জড়িয়তে বহুকেইখন আগশাৰীৰ বাতৰি কাকতৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছিল কাশ্যপীয়ে।আনহাতে,কৰ্পূৰ মঞ্জুৰী তালুকদাৰে লিখা '১৫ নং ডবাত লগ পোৱা সেই ছোৱালীজনী' নামৰ গল্পপুথিখনৰ বেটুপাতৰ পৃষ্ঠাত চিত্ৰশিল্পী কাশ্যপী বৰুৱাই অংকন কৰা এখন অৰ্থপূৰ্ণ ছবি প্ৰকাশ পাইছিল।
  
কাশ্যপী বৰুৱাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে জামুগুৰিহাটৰ ৰাইজে।

Your Comments