'অ প্ৰিয়া' শীৰ্ষক গীতেৰে সংগীতৰ পথাৰত জনপ্ৰিয়তা অৰ্জন জামুগুৰিহাটৰ প্ৰকাশ প্ৰধানৰ

o

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিহাটৰ বৰমতা নিবাসী কুমাৰ প্ৰধান আৰু বিনা প্ৰধানৰ সু-পুত্ৰ তথা নৱপ্ৰজন্মৰ এগৰাকী কন্ঠশিল্পী প্ৰকাশ প্ৰধানে সৰুৰে পৰাই সংগীতৰ লগত জড়িত হৈ কঠোৰ পৰিশ্ৰমৰে যাত্ৰা আৰম্ভ কৰিছিল।

বৰ্তমান তেওঁ 'অ প্ৰিয়া' শীৰ্ষক গীতেৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰকাশে সংগীতৰ জীৱনত বিগত বৰ্ষসমুহত কেইবাটাও গীত উপহাৰ দিছে যদিও শেহতীয়াকৈ ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া 'অ প্ৰিয়া' শীৰ্ষক গীতটিয়ে বিশেষ সমাদৰ লাভ কৰা দেখা গৈছে।

অংকুৰ শইকীয়াৰ সংগীত ব্যৱস্থাপনা, দিলোৱাৰ হুছেইনৰ কথাৰে মুক্তি লাভ কৰা 'অ প্ৰিয়া' গীতটোত কন্ঠ নিগৰাইছে প্ৰকাশ প্ৰধানে। উত্তৰ জামুগুৰিহাটৰ প্ৰকাশে বিগত সময়ছোৱাত এককভাৱে কেইবাটাও গীত মুকলি কৰে। ইয়াৰ ভিতৰত মনে আজি, নগা চাং, অ প্ৰিয়া অন্যতম।কন্ঠশিল্পী প্ৰকাশে সমূহ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছে । জামুগুৰিহাটবাসী ৰাইজে প্ৰকাশৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছে।

 

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ  প্ৰতিবেদন

Your Comments