ইউটিউবক কেৰিয়াৰ হিচাপে লৈ অসমৰ নৱপ্ৰজন্মই মাহিলি উপাৰ্জন কৰিছে বৃহৎ পৰিমাণৰ ধন।ইউটিউবক মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা হয় যদিও বৰ্তমান অসমৰ বহুসংখ্যক নৱপ্ৰজন্মই কেৰিয়াৰ হিচাপে লৈ মাহিলি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি স্বাৱলম্বী হৈছে। ইউটিউবৰ লগত জড়িত হৈ এইদৰে অৰ্থ উপাৰ্জন কৰা অসমৰ প্ৰায় পাঁচশ যুৱক- যুৱতীয়ে দেওবাৰে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত আয়োজন কৰিলে এক সমাৰোহৰ। তৃতীয় অসম 'ইউটিউব মিট' নামৰ এই সমাৰোহত অসমৰ শদিয়াৰ পৰা ধুবুৰীৰ বহুসংখ্যক ইউটিউব ক্ৰিয়েটৰ উপস্থিত হৈছিল। লক্ষ্য আছিল অসমত ইউটিউবক এক নতুন কেৰিয়াৰৰ সুযোগ আৰু সম্ভৱনা হিচাপে ব্যৱহাৰ কৰাৰ বাবে নতুন প্ৰজন্মক আহ্বান জনোৱা।
উল্লেখযোগ্য যে অসমৰ নৱপ্ৰজন্মৰ বহুতে ইউটিউবৰ মাধ্যমেৰে মাহেকত ৬০ হাজাৰ টকালৈকে আহৰণ কৰিবলৈ সক্ষম হৈছে।এই কথা অসমৰ ইউটিউব কনটেন্ট ক্ৰিয়েটৰসকলে নিজ মুখেৰে স্বীকাৰ কৰিছে এই সমাবেশত। সমাবেশত ইতিপূৰ্বে মাত্ৰ ১৫ হাজাৰ টকাত ৰাচিয়া ভ্ৰমণ কৰি আহি ইয়াৰ বৰ্ণনা ইউটিউবত দি ভিউৱাৰ্চৰ সঁহাৰি লাভ কৰা অসমৰ যুৱক ভাস্কৰ দত্তই মাহেকত ৬৫ হাজাৰ টকালৈকে লাভ কৰাৰ কথা ব্যক্ত কৰে। আন এগৰাকী ক্ৰিয়েটৰেও একে পন্থাৰে ইউটিউবৰ যোগেদি মাহেকত ৫০ ৰ পৰা ৭০ হাজাৰ টকালৈকে আহৰণ কৰাৰ কথা ব্যক্ত কৰে। শিৱসাগৰৰ ইউটিউব ক্ৰিয়েটৰ ভাস্কৰ দত্তই কয় যে ইউটিউবক এতিয়া নতুন প্ৰজন্মই কেৰিয়াৰ হিচাপে ল'ব পাৰে। কাৰণ ইউটিউবৰ পৰা প্ৰতিমাহে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰি। ভাল চৰকাৰী চাকৰিতকৈ ইউটিউবৰ পৰা লাভ কৰা ধনৰ পৰিমাণ অধিক।
ভাস্কৰ, বিতোপন, দিম্পু, মনোজ আদিকে ধৰি বহুকেইজন ইউটিউব ভিডিঅ' ক্ৰিয়েটৰে এই সমাবেশত অংশ গ্ৰহণ কৰিছিল। ভাৰ্চুৱেল পৃথিৱীৰ বাবে জ্ঞান, আমোদ-প্ৰমোদ, ভ্ৰমণ, ব্যঞ্জন আদিৰ নানাৰঙী ভিন্নসুৰী অনেক সমল প্ৰস্তুত কৰি মোবাইল স্ক্ৰীনৰ এই তাৰকাসকলে সমৃদ্ধ কৰিছে ইউটিউব চেনেলসমূহ। অসমৰ এইসকল ক্ৰিয়েটৰৰ মতে অৰ্থ উপাৰ্জনৰ বাবে প্ৰাথমিক পৰ্যায়ত যথেষ্ট সময় আৰু ধৈৰ্যৰ প্ৰয়োজন। বিশেষকৈ ইউটিউবত যথেষ্ট সময় ব্যয় কৰিব লাগিব।উন্নতমানৰ ভিডিঅ' প্ৰস্তুত কৰিব পাৰিলে ভিউৱাৰ্চৰ সংখ্যা অতি কম সময়ৰ ভিতৰত বৃদ্ধি পাব বুলি মত পোষণ কৰে।অনাগত দিনৰ পথ নিৰ্ণয় কৰি সঠিক ভাবে কিদৰে আগুৱাই যাব, তাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবেই আয়োজন কৰা হৈছিল ইউটিউব তাৰকা আৰু অনুৰাগীৰ সমাৱেশ।
- Log in to post comments
- 32 views