সোমবাৰে গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট আবকাৰী বিভাগৰ সৌজন্যত জিলা পুথিভঁৰালত অনুষ্ঠিত হয় অবৈধ সুৰা সন্দৰ্ভত সজাগতা সভা। উক্ত সভাত বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিভিন্ন অঞ্চলৰ গাঁওবুঢ়াসকলেও অংশগ্ৰহণ কৰে।অবৈধ সুৰা তৈয়াৰ কৰা বা সেৱন কৰা সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাখনত গাঁওবুঢ়াসকলে তেওঁলোকৰ এলেকাৰ ভিতৰত যদি এনে অবৈধ সুৰা প্ৰস্তুত কৰা বা সেৱন সম্পৰ্কত কোনো তথ্য বা খবৰ পায়, লগে লগে আবকাৰী বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়। যাতে আবকাৰী বিভাগে ততালিকে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। অবৈধ সুৰা সম্পৰ্কীয় যি কোনো তথ্যৰ বাবে গোলাঘাট সদৰত ৯৯৫৪৯৮৩০০৪,দেৰগাঁৱত ৯১০১৪৭১৫৩২ আৰু ফৰকাটিঙত ৯৪৩৫০৪০১৩৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।
গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
- Log in to post comments
- 3 views