অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নলবাৰী সদৰ সমষ্টি সমিতিখন যোৱা ৩০ মাৰ্চত এখন সভাত গঠন কৰা হয় । নলবাৰীৰ দেশপ্ৰাণ নগেন শৰ্মা ভৱনত যুৱ পৰিষদৰ জিলা সভাপতি কনকেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন।সভাত বিভিন্নজনে বক্তব্য প্ৰদান কৰাৰ পিছত যুৱ পৰিষদৰ নলবাৰী সদৰ সমষ্টিৰ উদ্যোগত এখন সতীৰ্থ সন্মিলন সমাৰোহ অহা ৭ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে আগন্তুক লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিৰ বিজেপি,অগপ আৰু বিপিএফ সমৰ্থিত প্ৰাৰ্থী দিলীপ শইকীয়াক পূৰ্ণ সহযোগ কৰাৰ অভিমত প্ৰকাশ কৰে কেইবাজনো নেতাই।উক্ত সভাতে শশীন্দ্ৰ শৰ্মাক সভাপতি, দীপক ৰাজবংশীক উপ-সভাপতি, গকুল মহন্তক প্ৰশাসনিক সম্পাদক,উদীপ্ত কুমাৰ গোস্বামীক সম্পাদক হিচাপে লৈ ষোল্লজনীয়া নলবাৰী সদৰ সমষ্টি যুৱ পৰিষদৰ সমিতিখন গঠন কৰা হয় ।
নলবাৰীৰ পৰা হেমন্ত কলিতা
- Log in to post comments
- 6 views