মৰিগাওঁ আৰক্ষীৰ অভিযানত ৮ টা দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

decoit

 মৰিগাঁৱৰ পৰা জিতুমণি নাথ


 মৰিগাঁও আৰক্ষীয়ে কালি চলোৱা এক  অভিযানত  ৮ টা দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ডকাইতৰ দলটোৰ পৰা এখন চুৰি এল্ট' গাড়ীসহ কেইবাবিধো চোকা অস্ত্ৰ আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে। মৰিগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি কালি নিশা ২ মান বজাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩ জনীয়া ডকাইতৰ দল এটাক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা তিনিজনীয়া দলটোৰ স্বীকাৰোক্তিৰ ভিত্তিতেই কালি গোলাঘাট জিলাৰ নাগালেণ্ড সীমান্তৰ সৰুপথাৰ চুঙাজানৰ পৰা আৰক্ষীয়ে আন ৫ জনীয়া এটা ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতৰ দলটোৰ পৰা কাগজ-পত্ৰবিহীন চুৰি WB06H/3472 নম্বৰৰ এখন এল্ট' গাড়ীৰ লগতে কেইবাবিধো চোকা অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।ঘটনাৰ সন্দৰ্ভত মৰিগাঁও সদৰ থানাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯৯/৩৭৯/৪১১ ধাৰাৰ অধীনত ৩০৪/১৯ নম্বৰ গোচৰ ৰুজু কৰিছে। আজি ডকাইতৰ দলটোক মৰিগাওঁ আদালতত হাজিৰ কৰোৱাত আদালতে জে'ল হাজোতলৈ প্ৰেৰণ কৰে । অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে ৭  দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৮ জনীয়া ডকাইতৰ দলটোৰ ভিতৰত আছে নৱ দাস (কোকৰাঝাৰ),আশ্বাদুৰ ৰহমান (সোণাপুৰ),ৰাণা ভক্তা (লংকা),হেক্তা চোমি (ডিমাপুৰ),নাগাটো আউমি (ডিমাপুৰ),ভিটো কেটি (ডিমাপুৰ),কিমিয়াটো শ্বু (ডিমাপুৰ)আৰু আটাবু জিমো (ডিমাপুৰ)। এইকেইটাৰ ভিতৰত নৱ দাস আৰু আশ্বাদুৰ ৰহমান আজি ৮ দিনৰ পূৰ্বে জাগীৰোড আৰু ধৰমতুলত সংঘটিত ডকাইতিৰ ঘটনাত অভিযুক্ত হৈ জে'লৰ পৰা ওলাই আহিছিল। তদুপৰি ভিটো কেটি নামৰ যুৱকজন ইয়াৰ পূৰ্বে এনএছচিএনৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

 

Your Comments