জুৰীয়াৰ পৰা উত্তম বৰা
নগাঁও জিলাৰ ৰূপহীহাটত কংগ্ৰছত মোক্ষম আঘাত ৷ সহস্ৰাধিক সমৰ্থকসহ অগপত যোগদান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ভিনিহীয়েক নজৰুল ইছলামৰ ৷প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কলিয়াবৰ লোকসভা সমষ্টিৰ ৰূপহীহাটত কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ভেটিত কঁপনি তুলি সহস্ৰাধিক কৰ্মীক লগত লৈ অগপত যোগদান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ একমাত্ৰ ভিনিহিয়েকৰ।
প্ৰাক্তন আমছু নেতা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নজৰুল ইছলামে অনুষ্ঠানিকভাৱে শুকুৰবাৰে অগপত যোগদান কৰে। জুৰীয়াত অগপৰ এক কৰ্মীসভাত মন্ত্ৰী কেশৱ মহন্তৰ উপস্হিতিত যোগদান কৰে নজৰুল ইছলামে। বিগত বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছিল নজৰুল ইছলামে। অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া নজৰুল ইছলামে সহস্ৰাধিক সমৰ্থকসহ অগপত যোগদানে গৌৰৱ গগৈৰ প্ৰতি সৃষ্টি কৰিব প্ৰত্যাহ্বানৰ।
'কংগ্ৰেছে প্ৰৱঞ্চনাৰ বাহিৰে একো নকৰে ৷ ৰূপহীহাটৰ আশী শতাংশ ভোটাৰ ৰাইজে মোক বিচৰা স্বত্বেও বিগত বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে বেলেগ সমষ্টিৰ পৰা এজনক আনি প্ৰাৰ্থিত্ব দি ৰূপহীহাটৰ মান-মৰ্যদা সকলো শেষ কৰিলে'-এই বুলি অগপত যোগদান কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰে নজৰুল ইছলামে। নাম নোলোৱাকৈ ৰকিবুল হুছেইনকো সমালোচনা কৰে নজৰুল ইছলামে। কংগ্ৰেছে সংখ্যালঘুক আতংকিত কৰি ভোট আদায় কৰে।
মণি মাধৱ মহন্তৰ ব্যৱহাৰত আপ্লুত হোৱা বুলিও উল্লেখ কৰে নজৰুল ইছলামে। ইছলামে সহস্ৰাধিক সমৰ্থকসহ অগপত যোগদান কৰাৰ পিছতেই মঞ্চত উপস্থিত হয় এআইইউডিএফ নেতা নুৰুল আমিন চৌধুৰী আৰু মঞ্চতে মন্ত্ৰী কেশৱ মহন্তৰ উপস্হিতিত দুয়ো- দুয়োকে গামোচা পিন্ধায় ৷ সভাত অগপ দলৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই কংগ্ৰেছে সদায় বিভাজনৰ ৰাজনীতি কৰে আৰু আমি বিভাজনৰ বিপৰীতে ৰাজনীতি কৰোঁ বুলি উল্লেখ কৰে।
গৌৰৱ গগৈক এইবাৰ ৰাইজে প্ৰতাৰণাৰ অস্কাৰ প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে ৷ সভাত উপস্হিত মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰে বাৰ্তালাপত এআইইউডিএফৰ এইবাৰ প্ৰাৰ্থী নাথাকিলেই এআইইউডিএফৰ দলৰ মানুহবিলাক কংগ্ৰেছী হৈ যাব, এই ভুল ধাৰণা কংগ্ৰেছে কৰিছে বুলি মন্তব্য কৰে। আগন্তুক নিৰ্বাচনত ইয়াৰ ফলাফল কংগ্ৰেছ দলে পাব বুলি মহন্তই মন্তব্য কৰে ৷
- Log in to post comments
- 9 views