অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ জাপি নিৰ্মাণ কৰি আৰ্থিকভাৱে টনকিয়াল হৈছে নলবাৰী জিলাৰ তিলানা গাঁৱৰ অধিকাংশ পৰিয়াল । অতীতত খেতিৰ ওপৰত নিৰ্ভৰশীল গাঁওখনত এতিয়া প্ৰতিখন ঘৰতে নিৰ্মাণ কৰে জাপি। এই কুটীৰ শিল্পটোক লৈয়েই শ শ পুৰুষ-মহিলাই জীৱিকা অৰ্জন কৰি আছে তিলানাৰ লগতে সমগ্ৰ অঞ্চলটোত।
গাঁওখনৰ প্ৰতিঘৰ মানুহে অতি কমেও বছৰেকত ৩০০ টা আৰু সৰ্বাধিক ৩০০০ টা জাপি সাজিব পাৰে। ১০০ ৰ পৰা ১ লাখ টকা পৰ্যন্ত দামত বিক্ৰী হয় এটা জাপি। কিন্তু জাপি সজা সামগ্ৰীৰ খৰচ দিনকদিনে বাঢ়ি গৈছে, অথচ জাপি বিক্ৰী কৰি উচিত মূল্য পোৱা নাযায় বুলি ক্ষোভ প্ৰকাশ কৰিছে তিলানাৰ জাপি শিল্পী নকুল তামুলীয়ে। শিল্পটোৰ উন্নয়নৰ বাবে চৰকাৰী কৰ্তৃপক্ষই কিছু পদক্ষেপ গ্ৰহণ কৰিলে উপকৃত হ'ব পাৰিব বুলি জাপি শিল্পীসকলে জনাইছে। উল্লেখ্য যে তিলানা গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালে বংশানুক্ৰমিকভাৱে জাপি তৈয়াৰ কৰি আহিছে|
গাঁওখনৰ উদীয়মান যুৱক নৃপেন তামুলীয়ে ‘এবি আৰ্ট এণ্ড জাপি’ আৰু নৱ কুমাৰ কলিতাই চহৰৰ হাজো পথত যোৱা প্ৰায় ২২ বছৰ ধৰি 'মনোজ বাহঁ বেত উদ্যোগ' ব্যৱসায়িক প্ৰতিষ্ঠানত কেইবাজনো সহযোগী সৈতে জাপি তৈয়াৰ কৰি আহিছে প্ৰত্যেক বছৰে | এইবেলিও গুৱাহাটীৰ উপৰি বৰপেটা-পাঠশালা আদিলৈ বিহুৰ বতৰত সহস্ৰাধিক ফুলাম জাপি যোগান ধৰিব বুলি কলিতাই জনায় |ফুলাম জাপিৰ উপৰি ঘৰ শুৱনি কৰিবলৈ ঘড়ীযুক্ত স্পেচিয়েল জাপিও তৈয়াৰ কৰি তেওঁ ইতিমধ্যে সুনাম অৰ্জন কৰিছে| আনহাতে, কোনো বিশেষ অনুষ্ঠান অথবা ব্যক্তি বিশেষক সম্বৰ্দ্ধনা জনাবলৈ প্ৰয়োজন হোৱা ফুলাম জাপি অৰ্ডাৰ অনুযায়ী যোগান ধৰে বুলি তেওঁ কয় |
তিলানাক আদৰ্শ গাঁৱৰ স্বীকৃতি দিয়াৰ দাবী জনাইছে জাপি শিল্পীসকলে৷বিগত সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থানীয় বিধায়কজনক জাপি শিল্প সন্দৰ্ভত আঁচনি প্ৰস্তুুত কৰিবলৈ আদেশ দিয়া বুলি জনা গৈছিল যদিও বিধায়কজনৰ অদক্ষতাৰ বাবে বাস্তৱত একো দেখা নগ'ল বুলি শিল্পীসকলে উল্লেখ কৰিছে।
নলবাৰীৰ পৰা হেমন্ত কলিতা
- Log in to post comments
- 314 views