কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাত অসম মিনি বাংলাদেশ হৈ পৰিব বুলি বৃহস্পতিবাৰে গোলাঘাটত বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।কলিয়াবৰ আসনখন অগপ-বিজেপিয়ে লাভ কৰাটো কঠিন হ'ব বুলিও তেওঁ উল্লেখ কৰে। শৰ্মাই কয়-'যিহেতু কলিয়াবৰ লোকসভা সমষ্টিটো বাংলাদেশী সমৰ্থকৰে পূৰ্ণ হৈ আছে,বাংলাদেশী সমৰ্থকে কেৱল কংগ্ৰেছত ভোটদান কৰিব। যিক্ষেত্ৰত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই অসমত ক্ষুদ্ৰ বাংলাদেশ গঠন কৰিব।'
গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
- Log in to post comments
- 154 views