অহা ১৪-১৭ এপ্ৰিলত পূব-গুৱাহাটী বিহু সন্মিলনীৰ ৫৮সংখ্যক সমাৰোহৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে অহা ৩১ মাৰ্চত সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হ'ব৷ পুৱা ১১ বজাত লাইখুঁটা স্থাপন কৰিব পূব-গুৱাহাটী বিহু সন্মিলনীৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ডঃ ভাস্কৰ ফুকনে৷
উল্লেখ্য যে বিহু সন্মিলনীৰ সমাৰোহৰ লগত সংগতি ৰাখি অহা ৩১ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা৷ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰতিদিনে বিয়লি ৪ বজাৰ পৰা উক্ত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হ'ব৷ কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়াব বিহু বিশেষজ্ঞ তথা লোকশিল্পী প্ৰবীণ কুমাৰ শইকীয়াই৷
কাৰ্যসূচী অনুসৰি ১৪ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰিব বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই৷ নিশা ৮ বজাৰ পৰা 'বিহু হুঁচৰি, বিহু নাচনী আৰু অসম বিহুৱা' প্ৰতিযোগিতা৷ ১৫ এপ্ৰিলৰ নিশা ৮ বজাৰ পৰা 'অসম বিহুৱতী, বিহু ঢুলীয়া আৰু পেঁপা বাদন' প্ৰতিযোগিতা৷ ১৬ এপ্ৰিলৰ দুপৰীয়া ২ বজাৰ পৰা 'জেং বিহু' প্ৰতিযোগিতা৷
ইয়াৰ উপৰি অন্যান্য বহু প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি সন্মিলনীৰ সভাপতি বসন্ত দাস আৰু সাধাৰণ সম্পাদক দীপজ্যোতি মিশ্ৰই জানিবলৈ দিছে৷ বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰাসকলক ৯৮৬৪০৫৫১৯৬ আৰু ৭৮৯৬৭৬৪৬৬২ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে৷
- Log in to post comments
- 72 views