আজি ১১নং কলিয়াবৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ।কংগ্ৰেছে এআইইউডিএফৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ বাবে মিত্ৰতা কৰিছে বুলি নিৰ্বাচনী সভাত কংগ্ৰেছক কটাক্ষ কৰে শ্বাহে। অহা পাঁচ বছৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰি অসমৰ উন্নয়ণ কৰি যোৱাৰ বাবে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই শ্বাহে।কেন্দ্ৰৰ বিজেপি চৰকাৰে মাত্ৰ পাঁচটা বছৰতে অসমৰ যথেষ্ট উন্নতি সাধন কৰা বুলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়। অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু এআইইউডিএফক ধৃতৰাষ্ট্ৰ আৰু বিজেপি আৰু এজিপিক অৰ্জুনৰ লগত তুলনা কৰি এইবাৰ পুনৰ বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰিব বুলি সদম্ভ ঘোষণা কৰে। প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অগপৰ কলিয়াবৰ লোকসভাৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৰাইজৰ চকুৰ পানী মচিবৰ বাবে তেওঁক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবৰ বাবে ভোটাৰ ৰাইজক আহ্বান জনাই। ইফালে অমিত শ্বাহৰ সভাত ভবা ধৰণেৰে ৰাইজ উপস্থিত নথকাত সচেতন মহলত সৰৱ চৰ্চা হৈছে।
কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
- Log in to post comments
- 41 views