সমগ্ৰ বিটিচিৰ ৰাইজ এক হওক৷অসমীয়া থলুৱা জাতি -জনগোষ্ঠী বড়োভূমিত ভগনীয়া হ'ব নোৱাৰে৷
আমি সকলো জাতি- জনগোষ্ঠীয়ে শক্তিশালী ৰূপত সমাগত নিৰ্বাচনত থিয় হ'ব লাগিব৷অসম মাতৃৰ বিভাজন বিচৰা বিপিএফৰ সৈতে একাংশ লোকে কৰা মিতিৰালিয়ে জাতিটোৰ বাবে সংকেত কঢ়িয়াই আনিছে৷এনে মিতিৰালি অখণ্ড অসমৰ বাবে ভাবুকি৷সকলো ৰাইজ এক হওক এই ষড়যন্ত্ৰৰ বিৰুদ্ধে৷সাংসদ হৈ জনজাতিকৰনৰ বাবে আমি সংসদত মাত মাতিছোঁ৷ ভূমি অধিকাৰক লৈ মাত মাতিছোঁ৷বিটিচিত শান্তি স্থাপন কৰাত মই সাংসদ হিচাপে লোৱা ভূমিকা বিটিচিৰ জনসাধাৰনে ভালদৰে উপলব্ধি কৰিছে৷সাংসদ হিচাপে মই বিপুল ভোটত মই জয়ী হ'ম।মোক প্ৰথমে ক্ষতি কৰিব লাগিব,তাৰ পিছত বড়ো ভূমিত অবড়োক ক্ষতি কৰিব পাৰিব৷বৰপেটাৰোডত নৱ কুমাৰ শৰণীয়াই এইদৰে ৰাজহুৱা ভাৱে ঘোষনা কৰে।এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে।
বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ
- Log in to post comments
- 32 views