বইটামাৰীৰ শিলঘাগৰি পাহাৰৰ শিলৰ কোঁৱেৰীত উচ্চ প্ৰাবল্যৰ বিস্ফোৰণ : আতংকিত অঞ্চলবাসী

boita 1

বঙাইগাঁও জিলাৰ বইটামাৰীৰ শিলঘাগৰি পাহাৰৰ শিলৰ কোঁৱেৰীত বুধবাৰে পুনৰ সংঘটিত হয় অতি উচ্চ প্ৰাবল্যৰ বিস্ফোৰণ । আজি হোৱা কেইবাটাও এনে বিস্ফোৰণৰ ফলত বইটামাৰী অঞ্চল কঁপি উঠে । উল্লেখ্য যে পূৰ্বেও প্ৰায়েই হোৱা এনে অতি উচ্চ প্ৰাবল্যৰ বিস্ফোৰণৰ ফলত পঞ্চগাঁও, শালবাৰী, ৰঘুনন্দনপুৰ, তালগুৰি আদি গাঁৱৰ বহু লোকৰ বাসগৃহত ফাট মেলাৰ লগতে কুঁৱা আদিও  ভাগি গৈছে । প্ৰৱল বিস্ফোৰণৰ ফলত শিলৰ টুকুৰা বহু  দূৰলৈ ছিটিকি যায় । ফলত মানুহৰ জীৱনলৈও ভাবুকি আহিছে । আনহাতে পৰিৱেশ ব্যাপক প্ৰদূষণৰ কবলত । পূৰ্বে বিভিন্ন সময়ত ৰাইজে অভিযোগ কৰিও কোনো ফল নধৰিল। বুধবাৰেও পুনৰ তেনেধৰণেৰে বিস্ফোৰণ সংঘটিত কৰিলে। মহলদাৰে খেয়াল-খুচি মতে এনেধৰণেৰে নিৰ্ধাৰিত প্ৰাবল্যতকৈ  অধিক প্ৰাবল্যৰ বিস্ফোৰণ সংঘটিত কৰা বুলি ৰাইজে  অভিযোগ উত্থাপন কৰিছে । ৰাইজৰ প্ৰশ্ন-উন্নয়নমূলক কামৰ বাবে শিল লাগে।কিন্তু ৰাইজৰ জীৱন- সম্পত্তিৰ নিৰাপত্তা নাই নেকি? ইফালে , শিলৰ কোঁৱেৰীৰ পৰা বিভিন্ন সময়ত চোৰাংভাৱে চালান অবিহনেও বাহনযোগে শিল সৰবৰাহ হৈ থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । বিভিন্ন সময়ত বন বিভাগ আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি এচামে এই কাৰ্য কৰি আহিছে।এই কাৰ্যৰ লগত  একাংশ প্ৰভাৱশালী লোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে । বিভাগীয় কৰ্তৃপক্ষক এই বিষয়বোৰৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ  ৰাইজে দাবী জনাইছে । 

বিশেষ প্ৰতিবেদক

Your Comments