বুধবাৰে সন্ধিয়া শিৱসাগৰৰ কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সুশান্ত বৰগোহাঁইয়ে কয় যে যোৰহাট লোকসভা সমষ্টিত আঠজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে যদিও মোৰ প্ৰধান প্ৰতিদ্বন্দী হ'ব ভাৰতীয় জনতা পাৰ্টীৰ তপন কুমাৰ গগৈ। বহু কংগ্ৰেছ বিৰোধী ৰাজনৈতিক দলে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আমি ৰাইজৰ পক্ষ লোৱাৰ বাবে অসমবাসী ৰাইজ আৰু অসম গণ পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠন তথা বিজেপিৰ তৃণমূল পৰ্যায়ৰ বহু নেতা-কৰ্মীয়ে এই নিৰ্বাচনত কংগ্ৰেছলৈ সমৰ্থন আগবঢ়াইছে। সমাগত নিৰ্বাচনত তেওঁৰ মূল ইচ্ছ্যু সম্পৰ্কত কয় যে বৰ্তমানৰ বিজেপি চৰকাৰে যোৰহাট-শিৱসাগৰৰ অ'এনজিচিৰ দুই-তিনিখন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাইছে। চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবৰ বাবে কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰিব। যদি নিৰ্বাচনত জয়ী হয়,তেতিয়া সমষ্টিটোৰ নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে বিশেষ আঁচনি কৰিব বুলি তেওঁ কয়। শিৱসাগৰক এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তোলা হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
শিৱসাগৰৰ পৰা কল্যাণজোতি বুঢ়াগোহাঁই
- Log in to post comments
- 10 views