আজি বিশ্ব থিয়েটাৰ দিৱস পালন

th

আজি বিশ্ব থিয়েটাৰ দিৱস। ১৯৬১ চনত পোনপ্ৰথমে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে এই দিৱস পালন আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়। এই দিৱসৰ দিনা থিয়েটাৰ কৰ্মীসকলৰ সভা-সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান, নাটক আদি প্ৰদৰ্শন কৰা হয়।

      এই দিৱস উদযাপনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আন্ত:ৰাষ্ট্ৰীয় নাট্য ক্ষেত্ৰৰ এজন তাৰকা ব্যক্তিৰ  থিয়েটাৰৰ সম্পৰ্কীয়  বিশেষ বাৰ্তা প্ৰেৰণ কৰে ।প্ৰথম বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তা ১৯৬২ চনত ফ্ৰান্সৰ জ্যঁ কোকটিয়াওয়ে লিখিছিল। প্ৰথমে হেলচিংকি আৰু তাৰ পিছত ভিয়েনাত ১৯৬১ চনৰ জুন মাহত অনুষ্ঠিত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ নৱম কংগ্ৰেছত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ ফিনিছ কেন্দ্ৰৰ হৈ অধ্যক্ষ আৰ্ভি কিভিমায়ে ২৭ মাৰ্চত বিশ্ব থিয়েটাৰ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল।

Your Comments