কলিয়াবৰ সমষ্টিত প্ৰাৰ্থী নিদিলে এআইইউডিএফ-এ।ইয়াৰ লগে লগে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ খোপনি অধিক মজবুত হ'ল।কলিয়াবৰ সমষ্টিত আছে প্ৰায় ৬ লাখ ধৰ্মীয় সংখ্যালঘু ভোটাৰ।এআইইউডিএফ-এ প্ৰাৰ্থী নিদিয়াৰ লগে লগে এই ধৰ্মীয় সংখ্যালঘুসকলৰ ভোটৰ বিভাজন বহুখিনি ৰোধ হ'ব।এই ভোটাৰসকলৰ অধিকাংশই কংগ্ৰেছৰ দিশলৈ গতি লোৱাৰ সম্ভাৱনাই অধিক।কলিয়াবৰত এআইইউডিএফে প্ৰাৰ্থী নিদিয়াৰ লগে লগে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ স্থিতি দুৰ্বল হোৱাৰ দিশে আগবাঢ়িছে।ধৰ্মীয় সংখ্যালঘুৰ ভোট বিভাজনতেই কলিয়াবৰত বিজেপিয়ে জয়ী হোৱাৰ আশা কৰি আছিল।এনপিপি-ৰ প্ৰাৰ্থী আব্দুল আজিজে সংখ্যালঘু ভোটৰ বিভাজন নিৰ্ণয়কভাৱে ঘটাব পৰাৰ সম্ভাৱনা অতিকৈ ক্ষীণ।
এইখিনিতে ২০১৪ চনৰ গৌৰৱ গগৈ বিজয়ী হোৱা লোকসভা নিৰ্বাচনৰ পৰিসংখ্যালৈ লক্ষ্য কৰা যাওক।২০১৪ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে লাভ কৰিছিল ৪,৪৩,৩১৫ টা ভোট।নিকটতম প্ৰাৰ্থী বিজেপিৰ মৃণাল কুমাৰ শইকীয়াই লাভ কৰিছিল ৩,৪৯,৪৪১টা ভোট।অসম গণ পৰিষদৰ প্ৰাৰ্থী ডঃ অৰুণ কুমাৰ শৰ্মাৰ পক্ষত পৰিছিল ৭৮,১৩২ টা ভোট।আনহাতে,এআইইউডিএফৰ প্ৰাৰ্থী বিজয় কুমাৰ তিৰুয়ে লাভ কৰিছিল ২,৩১,২৯৫ টা ভোট।যদি কংগ্ৰেছ আৰু এআইইউডিএফৰ ভোট যোগ কৰা যায় তেতিয়া মুঠ ভোট হ'ব ৬,৭৪,৬১০টা।আনহাতে,অগপ আৰু বিজেপি প্ৰাৰ্থীৰ ভোট যদি যোগ কৰা যায়,তেতিয়া মুঠ ভোট হয়গৈ ৪,২৭,৫৭৩ টা ভোট।ভোটৰ ব্যৱধান ২,৪৭,০৩৭ টা।গতিকে, ২০১৪ চনৰ আধাৰত ক'ব পাৰি যে বৰ্তমান এআইইউডিএফ-এ প্ৰাৰ্থী নিদিয়াৰ অৰ্থ হ'ল কংগ্ৰেছ প্ৰাৰ্থীৰ হাত শক্তিশালী কৰা।এআইইউডিএফ প্ৰাৰ্থীয়ে ২০১৪ চনত লাভ কৰা ২ লাখতকৈ অধিক সংখ্যালঘু ভোট এইবাৰ কংগ্ৰেছমুখী হোৱাৰ সম্ভাৱনা প্ৰৱল।২০১৪ ৰ এই পৰিসংখ্যাতে প্ৰমাণ হয় যে অগপ- বিজেপি ভোট লগ লাগিলেও কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰিব পৰাকৈ নিৰ্ণায়ক হৈ পৰাৰ সম্ভাৱনা যথেষ্ট কম।
তদুপৰি, 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' ক লৈ বৰ্তমান বহু খিলঞ্জীয়া ভোটাৰ অগপ-বিজেপিৰ ওপৰত অসন্তুষ্ট।বিধেয়ক বিৰোধী আৰু দুয়োটা দলৰ মিত্ৰতাক সমৰ্থন নজনোৱা বহু ভোটাৰে এইবাৰ এই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িব পাৰে।
ইফালে,বিধেয়কবিৰোধী স্থিতি গ্ৰহণ কৰাৰ পিছতো কণৰাড চাংমাৰ এনপিপিয়ে বিজেপিৰ সৈতে আলোচনাত বহাত দলটোৰ প্ৰতি খিলঞ্জীয়া ৰাইজৰ সন্দেহ বৃদ্ধি পাইছে।এনে পৰিস্থিতিত এনপিপিৰ প্ৰাৰ্থী আব্দুল আজিজে খিলঞ্জীয়া জনতাৰ যথেষ্ট সমৰ্থন লাভ কৰাটো কঠিন হৈ পৰিছে।আজিজে নিজে ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থী যদিও তেওঁৰ ইমান প্ৰভাৱ নাই যে নিৰ্ণায়ক সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোট নিজৰ পক্ষলৈ আনিব পাৰিব।অৰ্থাৎ তেওঁ অগপ -বিজেপিৰ বাঞ্ছিত ধৰ্মীয় সংখ্যালঘু ভোট বিভাজনত অক্ষম।
এনে নিৰ্বাচনী অংকত এতিয়া এই বুলিয়েই ক'ব লাগিব যে কলিয়াবৰ লোকসভা সমষ্টি কংগ্ৰেছৰ পৰা অগপ-বিজেপি মিত্ৰজোঁটে কাঢ়ি অনাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ।
- Log in to post comments
- 228 views