কংগ্ৰেছ-এআইইউডিএফৰ গোপন মিত্ৰতাৰ সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা গোপন নহয়-এই মিত্ৰতাৰ বিষয়ে সকলোৱে জানে।দল দুটাৰ মিত্ৰতাই অসমৰ সমাজ -জীৱনৰ বাবে এক অশনি সংকেত কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে ডিব্ৰুগড়ৰ বিধায়কজনে।ইয়াৰ উপৰিও তেওঁ কয় যে তৰুণ গগৈ আৰু বদৰুদ্দিন আজমলে মিলি অসমখনক দ্বিতীয় কাশ্মীৰ কৰিবলৈ বিচাৰিছে।আনহাতে,তৰুণ গগৈক কটাক্ষ কৰি তেওঁ কয় যে তৰুণ গগৈৰ গাত এতিয়া লাচিতৰ তেজ আছে নাই নাজানো,কিন্তু বদনৰ তেজ আছে যে সেইটো জানো।
- Log in to post comments
- 16 views