কাছাৰ জিলাৰ মাৰকুলিনত শনিবাৰে নিশা ঘৰৰ পৰা অপহৰণ কৰি নি অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে এজন মাৰ সম্প্ৰদায়ৰ যুৱকক। জুবিলী লিংতাই নামৰ মাৰ যুৱকজনক এজন বন্দুকধাৰী দুৰ্বত্তই অপহৰণ কৰি নিছিল। যুৱকজনৰ হত্যকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ মাৰ ছাত্ৰ সন্থাই কাছাৰ জিলা প্ৰশাসনক দাবী জনাইছে।এই সন্দৰ্ভত দেওবাৰে জিলা প্রশাসনক চৰমপত্র প্ৰদান কৰে মাৰ ছাত্র সন্থাই।ইফালে,কাছাৰ আৰক্ষীয়ে পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি উল্লেখ কৰিছে।তদন্তত সকলো কথা ওলাই পৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
- Log in to post comments
- 19 views