আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ : বাঢ়িব পাৰে মুলায়েম-অখিলেশৰ সমস্যা

আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ : বাঢ়িব পাৰে মুলায়েম-অখিলেশৰ সমস্যা

আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত মুলায়েম সিং যাদৱ, অখিলেশ যাদৱ আৰু প্ৰতীক যাদৱৰ সমস্যা বৃদ্ধি পাব পাৰে৷ উচ্চতম ন্যায়ালয়ে এই গোচৰৰ অগ্ৰগতি সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰি চিবিআইলৈ জাননী প্ৰেৰণ কৰিছে৷ এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে ২০০৭ত চিবিআয়ে ষ্টেটাছ ৰিপোৰ্টত প্ৰথম দৃষ্টিতে গোচৰ ৰুজু হোৱাৰ কথা কৈছিল৷ সেয়েহে নিয়মিত গোচৰ ৰুজু হোৱাটো প্ৰয়োজন৷ এতিয়া ন্যায়ালয়ে এইটো জানিবলৈ বিচাৰিছে যে এই ক্ষেত্ৰত কি হ'ল? গোচৰ ৰুজু হ'ল নে নহ'ল? আনহাতে, অভিযোগ সন্দৰ্ভত মুলায়েম সিঙৰ অধিবক্তাই নিৰ্বাচনৰ সময়ত এনেধৰণৰ প্ৰসংগ উত্থাপনৰ বিৰোধিতা কৰি কয় যে কাইলৈ সকলো সংবাদ-পত্ৰত এই খবৰ ওলাব৷ কিন্তু অধিবক্তাৰ এই বিৰোধ প্ৰত্যাখ্যান কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সময়ৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, কি হ'ল সেয়া আমি জানিব লাগে৷

Your Comments