৬ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ বাবে বৰাক উপত্যকালৈ নৰেন্দ্ৰ মোডী

modi

৬ এপ্রিলত নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব বৰাক উপত্যকালৈ ।বৰাকৰ দুখন অতি গুৰুত্বপূর্ণ লোকসভা আসন শিলচৰ আৰু কৰিমগঞ্জ বিজেপিৰ দখলত ৰাখিবলৈ দলটোৰ শীৰ্ষ নেতৃত্বই স্থানীয়  দলীয় নেতৃত্বক কঠোৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।এতিয়াও প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান নিৰ্ধাৰিত হোৱা নাই যদিও তৎপৰ হৈ পৰিছে শিলচৰৰ দলীয় প্রার্থী ডাঃ ৰাজদীপ ৰয় আৰু কৰিমগঞ্জৰ প্রার্থী কৃপানাথ মাল্লাহ।

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

Your Comments