এটা ৰাজনৈতিক শক্তিয়ে চৰবাসীক অসমীয়া জাতীয় জীৱনৰ পৰা আঁতৰাই অনাৰ ষড়যন্ত্ৰ ৰচিছে-অদীপ কুমাৰ ফুকন

a phukon

 অসমৰ ভাষা-সংস্কৃতি চহকী কৰি ৰাখিছে অসমৰ চৰ- চাপৰিবাসীয়ে। অসমীয়াৰ প্ৰতিটো সংকটকালতে চৰাঞ্চলত বসবাস কৰা মুছলমান লোকসকলে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত সহযোগ কৰি আহিছে। দেওবাৰে বৰপেটা জিলাৰ আলোপতিত অনুষ্ঠিত এখন আলোচনাচক্ৰত এইদৰে মন্তব্য কৰে ৰাজ্যৰ বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী অদীপ কুমাৰ ফুকনে। ভাষণ প্ৰসংগত ফুকনে কয়-চৰ-চাপৰি অঞ্চলত বসবাস কৰা লোকসকলে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবেই অসমীয়াসকলে আজি মূৰ দাঙি কথা ক'ব পাৰিছে।কিন্তু পৰিতাপৰ বিষয় এয়াই যে এইসকল লোকৰ বিৰুদ্ধেই বাৰে বাৰে প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে।আহোমসকল অহাৰ বহু পূৰ্বেই অসমত মুছলমানসকলে বসতি কৰিছে। সেয়ে অসমত বসবাস কৰা কোনো মুছলমান লোকৰ বিৰুদ্ধে কোনেও প্ৰশ্নৰ তোলাৰ অধিকাৰ নাই। কেৱল ৰাজনৈতিক উদ্দেশ্য পূৰণ আৰু  বিভাজন সৃষ্টিৰ লক্ষ্যৰেই চৰাঞ্চলত বসবাস কৰা লোকসকলক বাংলাদেশী বুলি কোৱা হয়। কিন্তু এয়া অনুচিত।অদীপ কুমাৰ ফুকনে ভাষণ প্ৰসংগত লগতে কয়-১৯৫১ চনৰ পূৰ্বে অসমত অসমীয়াভাষী লোক আছিল ৩৬ শতাংশ। কিন্তু ১৯৫১ চনত অসমৰ চৰাঞ্চলত বসবাস কৰা লোকসকলে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰাত ৬২ শতাংশলৈ বৃদ্ধি পায় অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা। এই কথা পাহৰিলে নহ'ব। কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবেই আজি দিল্লী-দিছপুৰত বহাসকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ ভাতৃত্ববোধ খণ্ডিত কৰিবৰ বাবে অহৰহ চেষ্টা চলাই আহিছে।এটা ৰাজনৈতিক শক্তিয়ে চৰাঞ্চলত বসবাস কৰা লোকসকলক অসমীয়া জাতীয় জীৱনৰ পৰা আঁতৰাই অনাৰ ষড়যন্ত্ৰ ৰচিছে।চৰাঞ্চলৰ ডেকা শক্তিয়ে এই ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব। নহ'লে অনাগত দিনত চৰবাসীৰ ওপৰত সংকট আহিব পাৰে।  ভাষন প্ৰসংগত বিশিষ্ট সাংবাদিকগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰত্যাহ্বান জনায় ।তেওঁ কয়-মোগল যুগৰ অৱদান মোগলচৰাই আৰু তাজমহলক লৈ প্ৰশ্ন কৰা নেতাই লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰি ভাষন দিয়াৰ অধিকাৰ নাই।
আলোপতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত আলোচনাচক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, বিশিষ্ট সাংবাদিক মেহদী আলম বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

নগৰবেৰাৰ পৰা আব্দুল ৰছিদ

Your Comments