যিসময়ত ৰাজ্যৰ চৌদিশে দুষ্ট চক্ৰই বন্য পশু- পক্ষী হত্যা কৰি মাংস, ছাল, দাতঁ, নখ, হাঁড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে,সেই একে সময়তে নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী চকলাঘাটৰ নতুন খাটোৱালত শনিবাৰে প্ৰকৃতিপ্ৰেমী যুৱক কল্যাণ কুমাৰ বৰাৰ তৎপৰতাত এটি দুস্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে। জানিব পৰা মতে, কালি পুৱাবেলা বৰাৰ মাতৃ জুনুবালা বৰাই ঘৰৰ পাছফালৰ বাহঁনিত এটা দ' গাঁতত মেছেকাটা গুৱানেজীয়া বুলি স্থানীয় লোকে কোৱা বন্যপ্ৰাণী এটা আঘাতপ্ৰাপ্ত হৈ পৰি থকাৰ বিষয়ে পুত্ৰক অৱগত কৰে। লগে লগে মিন্টু বৰা, কন্তি বৰা আৰু জ্যোতিপ্ৰসাদ বৰা নামৰ গাৱঁৰে তিনি যুৱকৰ সহযোগত অতি দুৰ্বল আৰু আঘাতপ্ৰাপ্ত অৱস্থাত বন্যপ্ৰাণীটোক নিজ গৃহলৈ কল্যাণ বৰাই উদ্ধাৰ কৰি আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। লগতে
প্ৰকৃতিপ্ৰেমী সংগঠন 'গ্ৰীণগাৰ্ড'ক খবৰ দিয়ে। এখন ভৰি ভগা অৱস্থাত অতি মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা বন্যপ্ৰাণীটোক তেওঁ ধিঙৰ প্ৰকৃতিপ্ৰেমী যুৱক লিটন দেৱনাথৰ পৰামৰ্শ লৈ ঘৰতে দিনটো শুশ্ৰূষা কৰি ৰাখে। নিশা ১২ বজাত প্ৰকৃতিপ্ৰেমী সংগঠন 'গ্ৰীণগাৰ্ড'ৰ কৰ্মকৰ্তা তথা বৰ্তমানলৈকে বহুসংখ্যক বন্যপ্ৰাণীক উদ্ধাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দুলু বৰা চকলাঘাটস্থিত কল্যাণ বৰাৰ গৃহত উপস্থিত হৈ আঘাতপ্ৰাপ্ত প্ৰাণীটোক চিকিৎসা আৰু বনত মেলিবৰ বাবে নিজৰ হাতত চমজি লয়। বৰ্তমান বন্যপ্ৰাণীটো গ্ৰীণগাৰ্ডৰ অধীনত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
- Log in to post comments
- 64 views