পশ্চিম বংগৰ মালদাত শনিবাৰে অনুষ্ঠিত এক নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ কৰিলে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ উন্নয়ন সাধনৰ বাবে একো কৰা নাই বুলি তেওঁ উল্লেখ কৰে।মমতা বেনাৰ্জীৰ শাসনকালত পশ্চিম বংগত অত্যাচাৰ বৃদ্ধি পাইছে বুলি তেওঁ কয়।তৃণমূল কংগ্ৰেছে কংগ্ৰেছৰ জনপ্ৰতিনিধিক কূটকৌশলেৰে নিজৰ পক্ষলৈ নিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।জানুৱাৰী মাহত মমতা বেনাৰ্জীৰ উদ্যোগত অনুষ্ঠিত বিৰোধী ঐক্যৰ সভাক সমৰ্থন জনোৱা ৰাহুল গান্ধীয়ে এনেদৰে বেনাৰ্জীক আক্ৰমণ কৰাটোয়ে দুয়োৰে মাজত দূৰত্ব বৃদ্ধি পোৱাটোকে প্ৰমাণ কৰিছে।বিৰোধী ঐক্যলৈও ই অশনি সংকেত কঢ়িয়াই আনিছে।
- Log in to post comments
- 2 views