প্ৰতি বছৰৰ দৰে এইবাৰো ষষ্ঠবাৰৰ বাবে নৰ্থ গুৱাহাটীৰ জাৰ্ণেলিষ্ট ফ'ৰামে প্ৰদান কৰে ২০১৯ বর্ষৰ চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ আৰু নাট্যকর্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা উক্ত বঁটা প্ৰদান অনুষ্ঠানত ২০১৯ বর্ষৰ বাবে চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক দ্বীপজ্যোতি গোস্বামীক।
গোস্বামীক বঁটা প্ৰদান কৰে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে। নাট্যকর্মী জগত চন্দ্ৰ গগৈৰ নামত প্ৰথম বছৰৰ বাবে অনুষ্ঠানটোৱে প্ৰদান কৰা সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ডিৱাই ৩৬৫ত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক প্রাণজিৎ শইকীয়াক।
শইকীয়াক বঁটা প্ৰদান কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই। উল্লেখ্য যে দুয়োটা বঁটাত আছে এখন সম্বৰ্ধনা-পত্ৰ, চেলেং, গামোচা, জাপি, এটা স্মাৰক। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডঃ অঞ্জনজ্যোতি চৌধুৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তি।
- Log in to post comments
- 10 views