আজি পুনৰ অগপ বিধায়নী দলৰ বৈঠক, মিত্ৰতা সন্দৰ্ভত আজি চূড়ান্ত সিদ্ধান্ত!

agp, party

লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই সিদ্ধান্ত বিহীন হৈ পৰিছে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ (অগপ)। ৰাজ্য অন্যান্য ৰাজনৈতিক দলসমূহে অসমৰ ১৪খন লোকসভাৰ আসনৰ বাবে ইতিমধ্যে প্ৰায় নিশ্চিত কৰিছে নিৰ্বাচনী ৰণকৌশলৰ। কিছু ৰাজনৈতিক দলে ঘোষণা কৰা নাই যদিও ইতিমধ্যে চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা। কিন্তু অতি পৰিত্ৰাপৰ কথা ছয় বছৰীয়া অসম আন্দোলনৰ ভেটিত জন্ম হোৱা অগপই তাৰ বিপৰীতে আজিলৈকে সিদ্ধান্তই ল'ব পৰা নাই লোকসভাৰ নিৰ্বাচনত অকলেই অৱৰ্তীন হ'ব নে বিজেপি লগত মিত্ৰতা কৰি আগবাঢ়ি যাব।

সোমাবাৰে সেই সন্দৰ্ভত আলোচনা কৰাৰ বাবে অগপ বিধায়নী দলৰ সদস্যসকল এক গোপন বৈঠকত অৱতীৰ্ণ হৈছিল দলৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীৰ চৰকাৰী বাসগৃহত। উক্ত বৈঠকত দলটোৰ সভাপতি অতুল বৰা সৈতে উপস্থিত আছিল মুঠ ১১জন বিধায়ক। একাংশ বিধায়কৰ মিত্ৰতা সন্দৰ্ভত মত-বিৰোধৰ বাবে সোমবাৰৰ বৈঠকখনত নহ'ল দলটোৰ কোনো সিদ্ধান্ত। আনকি মিত্ৰতা বিষয়টোৰ বাবে সোমবাৰৰ বৈঠকত দলটোৱে সিদ্ধান্ত ল'ব নোৱাৰিলে কোন সমষ্টিত কোন প্ৰাৰ্থী থিয় কৰাব৷

ফলত আজি পুনৰ বৈঠক বহিব অগপ বিধায়নী দলটো। আনহাতে বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অগপই দলটোৱে আজি এই বৈঠকতে চূড়ান্ত কৰিব মিত্ৰতা প্ৰসংগ। একেদৰে আজি এই বৈঠকতে দলটোৱে কোন-কোন সমষ্টিত প্ৰাৰ্থী থিয় কৰাব সেই সন্দৰ্ভতো ল'ব চূড়ান্ত সিদ্ধান্ত। উল্লেখ যোগ্য যে নিৰ্বাচনৰ ৰণকৌশলৰ বাবে দলটোৱে ইতিমধ্যে গঠন কৰিছে সভাপতি অতুল বৰা নেতৃত্ব ৯ জনীয়া নীতি নিৰ্ধাৰণ কমিটি৷ এই কমিটিয়েই আজি বৈঠকত লোৱা সম্ভাৱনা আছে চূড়ান্ত সিদ্ধান্ত।

Your Comments