বিজেপিক উৎখাত কৰাৰ আহ্বানেৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চৰ অভিবৰ্তন

বিজেপিক উৎখাত কৰাৰ আহ্বানেৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চৰ অভিবৰ্তন

লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে আজি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চই অনুষ্ঠিত কৰে "অসম বচাওক, ভাৰত বচাওক, বিজেপিক উৎখাত কৰক" শীৰ্ষক এক ৰাজ্যিক অভিবৰ্তন। দিনৰ ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অভিবৰ্তনত উপস্থিত থাকে ৰাজ্যৰ প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি, জাতীয় দল-সংগঠনৰ প্ৰতিনিধি তথা শিল্পী-সাহিত্যক, লেখক-বুদ্ধিজীৱীৰ লগতে ভালেসংখ্যক সমাজ সচেতন ব্যক্তি তথা অনুষ্ঠান। 

নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠান পৰিচালনা কৰে বুদ্ধিজীৱী ডঃ হীৰেন গোঁহায়ে। উল্লেখ্য যে আজিৰ এই অভিবৰ্তনতে আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপি দলক শাসনৰ গাদীৰ পৰা উৎখাত কৰাৰ বাবে সকলোকে আহ্বান জনায়। ইয়াৰ উপৰি শাসনৰ গাদীৰ পৰা বিজেপি দলক কি কাৰণে উৎখাত কৰিব লাগে সেই সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে উদ্যোগতাসকলে ১২ পৃষ্ঠাৰ এখন পুষ্টিকা প্ৰকাশ কৰি উলিয়াইছে। উক্ত পুস্তিকাখনত বিজেপি চৰকাৰৰ ব্যৰ্থতা, ভুৱা প্ৰতিশ্ৰুতি, জাতিধ্বংসী পৰিকল্পনা, দৰিদ্ৰ-পীড়িতৰ ওপৰত অত্যাচাৰ, দেশৰ সংবিধানক অৱমাননা কৰি গণতন্ত্ৰক কিদৰে হত্যা কৰিব খুজিছে তাৰ বিস্তৃত বৰ্ণনা আছে।

ইয়াৰ উপৰি পুস্তিকাখনত উল্লেখ আছে বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ প্ৰসংগ। পুস্তিকাত সন্নিৱিষ্ট আছে বিজেপি চৰকাৰে কেনেদৰে দেশৰ ৰাজহুৱা খণ্ডৰ অনুষ্ঠানসমূহ ধ্বংস কৰি পুঁজিপতিৰ হাতত হাতত গতাই দিছে তাৰ সবিশেষ। আজিৰ এই ৰাজ্যিক অভিবৰ্তনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞিয়ে। অভিবৰ্তন উদ্বোধন কৰি তেওঁ কয়, "দেশত ব্ৰিটিছৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ আৰু জনতা দলৰ শাসন দেখিলোঁ । কিন্তু বিজেপিৰ দৰে ইমান ধৰ্মীয় গোড়ামিৰ শাসন ব্যৱস্থা দেখা নাছিলোঁ। সেইবাবে এই সাম্প্ৰদায়িক দলক দেশৰ পৰা উৎখাত কৰিব লাগে বুলি।" 

বিজেপিক উৎখাত কৰাৰ আহ্বানেৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চৰ অভিবৰ্তন

ইয়াৰ উপৰি এই অভিবৰ্তনত উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰাই কয় যে ধৰ্মনিৰপেক্ষ দেশৰ পৰা গোড়া হিন্দুত্ববাদক সম্পূৰ্ণ ৰূপত উৎখাত কৰিব লাগে। লগতে অসমৰ প্ৰতিটো জাতীয় দল-সংগঠনক বিজেপি দলক উৎখাত কৰাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত জড়িত হ'বৰ বাবে আহ্বান জনায়। তেওঁ আৰু কয়- বিজেপি দলক ভোটৰ ভাষাৰে জবাব দিব লাগে। এই অভিবৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা শিক্ষাবিদ গজেন তালুকদাৰে কয় যে ভাৰতীয় সংবিধানে ৰাজনৈতিক দলসমূহক দিয়া অধিকাৰসমূহ অপব্যৱহাৰ হ'ব নালাগে। তাৎপৰ্যপূর্ণভাৱে তেওঁ কয় যে যি ৰাজনৈতিক দলে দেশৰ সংবিধানক শ্ৰদ্ধা কৰিব নাজানে সেই ৰাজনৈতিক দলৰ দেশ শাসন কৰাৰ অধিকাৰ নাই।

 ইফালে অভিবৰ্তনত কংগ্ৰেছ দলৰ পৰা উপস্থিত থাকে জয়নাথ শৰ্মা আৰু ববিতা শৰ্মা। অগপ, চিপিআই, চিপিআই(এম) আদি ৰাজনৈতিক দলৰ পৰাও থাকে প্ৰতিনিধি। ঠিক একেদৰে জাতীয় দল-সংগঠনৰ ফালৰ পৰা উপস্থিত থাকে ধৈৰ্য কোঁৱৰ, ৰুবুল দাস প্ৰমুখ্যে বহুকেইটা সংগঠনৰ প্ৰতিনিধি। উপস্থিত থাকে শিল্পী লোকনাথ গোস্বামী। ইয়াৰ উপৰি অভিবৰ্তনত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধাৰী, উদয়াদিত্য ভৰালী, মনজিৎ মহন্ত প্ৰমুখ্যে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি।

 এই অনুষ্ঠানত প্ৰাক্তন বিজেপি কর্মী মীৰা বৰঠাকুৰে বিস্ফোৰক মন্তব্য কৰি কয়- বিজেপি দলে ৰাজ্যত প্ৰতিশ্ৰুতি দি এনেকুৱা পৰিৱৰ্তন আনিলে, য'ত হত্যাকাৰী আজি বিধায়ক-সাংসদ হ'ল। ক্ষমতাৰ স্বাৰ্থত দিল্লীত বিক্ৰী যোৱা নেতাক পুনৰ বাঘজৰী অৰ্পণ নকৰিবলৈও তেওঁ আহ্বান জনায়।

Your Comments